ওদালগুৰি, ৭ মাৰ্চ: ৰাজ্যৰ আন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো আজি জন ঔষধি দিৱস উদযাপন কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু পানেৰি কোঅপাৰেটিভ ছচাইটিৰ সহযোগত পানেৰি জন ঔষধি কেন্দ্ৰত এই দিৱস উদযাপন কৰা হয়।
অনুষ্ঠানত বিটিআৰ চৰকাৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ মন্তব্য কৰে যে, জন ঔষধি কেন্দ্ৰৰ মাধ্যমেৰে সাধাৰণ ৰাইজে সুলভ মূল্যত গুণগত মানসম্পন্ন ঔষধ লাভ কৰি যথেষ্ট উপকৃত হৈছে। লগতে, অধিকসংখ্যক ঠাইত জন ঔষধি কেন্দ্ৰ স্থাপন কৰাৰ আহ্বান জনায়।
উক্ত দিৱসত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া স্বাস্থ্য সঞ্চালক ভুৱনেশ্বৰ স্বৰ্গীয়াৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰগ্ৰাম মেনেজাৰ বাচিল টপ্প, জিলা মিডিয়া বিশেষজ্ঞা মধুস্মিতা বৈশ্য লগতে পানেৰি কোঅপাৰেটিভ ছচাইটিৰ সভাপতি, সদস্য আৰু একাংশ হিতাধিকাৰী উপস্থিত থাকে। অনুষ্ঠানত জন ঔষধি যোজনা আৰু স্বাস্থ্য সজাগতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।