Breaking

কলকাতাত চিকিৎসকক ধৰ্ষণ – হত্যাৰ বিৰূদ্ধে চৰকাৰী আযুৰ্বেদিক মহাবিদ্যালয়ত ছাত্ৰ – ছাত্ৰীৰ প্ৰতিবাদী সমদল

0 37

জালুকবাৰী ,১৬ আগষ্ট : কলকাতাৰ আৰ.জি.কৰ মেডিকেল কলেজৰ তৰুণী চিকিৎসক ধৰ্ষণ- হত্যাৰ গোচৰে সমগ্র দেশক জোঁকাৰি গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় মহাবিদ্যালয়ৰ সমান্তৰালভাৱে অসমৰো বিভিন্ন চিকিৎসালয় মহাবিদ্যালযৰ লগতে গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আযুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত ১৪ আগষ্টৰ সন্ধিয়া এক শান্তি সমদল উলিওৱা হয় ।

সকলোৱে তৰুণী চিকিৎসক ধৰ্ষণ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আৰু ইয়াৰ উচিত তদন্ত, দোষীক কঠোৰ শাস্তি আৰু চিকিৎসাকৰ্মীৰ সঠিক নিৰাপত্তাৰ দাবী জনায়। সমাজ সেৱাত ব্ৰতী চিকিৎসকসকলে যদি নিজ কৰ্তব্যস্থলতেই সুৰক্ষিত নহয় তেনেহলে কিদৰে আতুৰ জনতাক নিৰ্ভিকভাবে চিকিৎসা সেৱা আগবঢ়াব সেয়া এক প্ৰশ্নবোধক বুলি ছাত্ৰ ছাত্ৰী সকলে ব্যক্ত কৰে। এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয় সমূহৰ লগতে সকলো শিক্ষানুষ্ঠানতেই সঠিক নিৰাপত্তাৰ ব্যবস্থাৰ দাবী জনায় প্ৰতিবাদকাৰী ছাত্ৰ – ছাত্ৰীসকলে।

Leave A Reply

Your email address will not be published.