কল্যাণী মহিলা মঞ্চ, নগাঁও কলামন্দিৰৰ উদ্যোগত ফৌজদাৰীপট্টিত বঁটা প্ৰদান অনুষ্ঠান

নগাঁও, ৮ জুলাই : উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা লাভ কৰা ফৌজদাৰী পট্টিৰ কৃতি শিক্ষাৰ্থীসকলক কালি কল্যাণী মহিলা মঞ্চ, নগাঁও কলামন্দিৰৰ উদ্যোগত ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনোৱা হয়। এই উদ্দেশ্যে বিয়লি ফৌজদাৰীপট্টিৰ কলা মন্দিৰত আয়োজিত এই বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই ।

বৰাই ভাষণত শৈক্ষিক ক্ষেত্ৰত নগঞা জনসাধাৰণৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে ৷ অনুষ্ঠানত অংশলৈ লেখক, সাংবাদিক গুৰমাইল সিং, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী ড° ত্ৰিৱেণী শইকীয়া আৰু মিনু শইকীয়াই শিক্ষাৰ্থীসকলৰ উপযোগীকৈ সাৰুৱা বক্তব্য আগবঢ়াই ৷ উক্ত অনুষ্ঠানত, ললিত দত্তৰ পৰিয়ালে প্ৰয়াত ৰুমা দত্তৰ সোঁৱৰণীত শৈক্ষিক বঁটা আৰু মিনু শইকীয়াৰ পৰিয়ালে প্ৰয়াত অৰ্পন শইকীয়াৰ সোঁৱৰণীত তিনিটাকৈ বঁটা আগবঢ়ায ৷ এই বঁটাত আছে নগদ ধন আৰু মানপত্ৰ ।

ড° ৰুৱা ফুকনে আঁতধৰা এই অনুষ্ঠানত নিলাক্ষী চেতিয়াই কবিতা পাঠ কৰাৰ লগতে কণমানি নিশিগন্ধাই বিহু নৃত্য, গৌৰৱ তামুলীৰ বাঁহী বাদন আৰু নমনজিত সিঙে পীযানু বাদন পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ অনুষ্ঠানটোত লখিমী বৰা, ডলী বৰা, ললিত দত্ত, তিলেশ্বৰ বৰা, ৰাণু বৰাৰ লগতে ফৌজদাৰী পট্টিৰ ভালেসংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Related Articles