Breaking

কাইলৈ অখিল গগৈ আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাই এমাহ চাওঁ, যদি স্মাৰ্ট মিটাৰত বিল বেছি আহে, আমি স্মাৰ্ট মিটাৰ বন্ধ কৰি দিমঃ মন্ত্ৰী পীযুষ হাজৰীকা

0 29

দৈনন্দিন বাৰ্তাৰ সেৱা, ২২ আগষ্টঃ কাইলৈ অখিল গগৈ আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাই চাওঁ, যদি কনভেনচনেল মিটাৰতকৈ স্মাৰ্ট মিটাৰত বিল বেছি আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিম।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। বিধানসভাত স্মাৰ্ট মিটাৰৰ প্ৰসংগ উত্থাপনৰ পিছত আজি সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে কয় যে আজি কংগ্ৰেছ দলে স্মাৰ্ট মিটাৰৰ কথা উত্থাপন কৰি বিধানসভাত সভা স্থগিত কৰাৰ প্ৰস্তাৱ আনিছিল।

মই সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে তেওঁলোকক মই এটা অনুৰোধ কৰিছিলো। অকল তেওঁলোককে নহয় বিধানসভাৰ ১২৬ জন সদস্যকে মই অনুৰোধ কৰিছিলো। যিহেতু এই কথাটোত তেওঁলোক আৰু আমাৰ মাজত কিছু মতান্তৰ আছে, পাৰ্থক্য আছে। মই সদনত আজি কৈছিলো যে আমাৰ বিধানসভাৰ ১২৬ জন সদস্যৰ ঘৰত এটা কনভেচনেল পুৰণি মিটাৰ আৰু এটা স্মাৰ্ট মিটাৰ লগাই লওঁ। মানে এটা পুৰণি মিটাৰ আৰু এটা স্মাৰ্ট মিটাৰ মোৰ ঘৰতো লগাই লওঁ। ঠিক তেনেকৈ আমাৰ বিৰোধী দলৰ সভাপতি দেবব্ৰত শইকীয়াৰ ঘৰতো লগাই দিওঁ। তেতিয়া দুইটা মিটাৰৰ যদি বিলৰ তাৰতম্য হয়, তেতিয়া নিশ্চয়কৈ আমি এই ক্ষেত্ৰত ছিৰিয়াছ একচন ল’ম। তেওঁলোকে মোৰ কথাটো নামনিলে, নুশুনিলে আৰু বিধানসভা ত্যাগ কৰি গুচি আহিল। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে তেওঁলোকে এই কামটো কৰিবলৈ ভয় খালে। এই কামটো কৰিলে জলজল পটপটকৈ ওলাই যাব যে স্মাৰ্ট মিটাৰত যিমান বিল আহে ট্ৰেডিচনেল বা কনভেনচনেল পুৰণি মিটাৰতো সিমানেই বিলে আহে।

মন্ত্ৰীগৰাকীয়ে মূল সমস্যাটো ক’ত হৈছে তাৰ ব্যাখ্যা আগবঢ়াই কয় যে এই বছৰৰ জুলাই মাহৰ যিটো বিল নিশ্চিতভাৱে মাৰ্চ মাহতকৈ বেছি আহিব। কিয়নো মাৰ্চ মাহত ইমান গৰম নহয়। এপ্ৰিল মাহতো গৰম কম হয়। জুলাই-আগষ্টত বেছি গৰম হয়, গতিকে মানুহে এচি, ফেন, টিভি বেছিকৈ ব্যৱহাৰ কৰে। কিন্তু কালি মই হাতযোৰ কৰি অসমৰ ৰাইজক কৈছো আজিও কৈছো, এনেকুৱা যদি ক’ৰবাত উদাহৰণ আছে, যাৰ ঘৰত স্মাৰ্ট মিটাৰ আছিল বা পুৰণি মিটাৰ আছিল যোৱা বছৰৰ এপ্ৰিল মাহৰ আৰু এই বছৰৰ এপ্ৰিল মাহৰ, যোৱা বছৰৰ জুন মাহৰ আৰু এই বছৰৰ জুন মাহৰ দুখনকৈ আমাক বিল দিয়ক, যোৱা বছৰৰ জুলাই মাহৰ আৰু এই বছৰৰ জুলাই মাহৰ এখন বিল দিয়ক, তাত যদি বিলৰ তাৰতম্য হয়, নিশ্চয়কৈ আমি ব্যৱস্থা ল’ম। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে অৱশ্যে এই ক্ষেত্ৰতো এটা কথা আছে। যোৱা বছৰ মোৰ ঘৰত দুখন ফেন আছিল, এই বছৰ মই মোৰ ঘৰত চাৰিখন ফেল লগালো, তেতিয়া অলপতো বিল বেছি আহিব। গতিকে এটা আটাইতকৈ ভাল উপায় হ’ল যে অসম বিধানসভাৰ ১২৬ জন বিধায়কৰ ঘৰত আমি পৰীক্ষামূলকভাৱে একেলগে স্মাৰ্ট মিটাৰো লগাওঁ আৰু ট্ৰেডিচনেল পুৰণি মিটাৰো লগাওঁ আৰু এক মাহ চাওঁ, যদি স্মাৰ্ট মিটাৰত বেছি বিল আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ বন্ধ কৰি দিম। কিন্তু তেওঁলোকে নামনিলে। তেওঁলোকে সদন এৰি পলায়ন কৰিলে।


মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ কয় যে অখিল গগৈক অনুৰোধ কৰিছো প্ৰথমে তেওঁ কৰি লয় যদি কৰক। অখিল গগৈ আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাই লওঁ। মন্ত্ৰীগৰাকীয়ে অখিল গগৈক তেওঁৰ কথাটো মানি ল’ব পুনৰ অনুৰোধ জনায়। তেওঁ পুনৰ কয় যে অখিল গগৈ ইমান ডাঙৰ মানুহ, হাতযোৰ কৰি অনুৰোধ কৰাৰ বাহিৰে মোৰ ক’বলৈ আৰু ভাষা নাই। তেওঁ অখিল গগৈ আৰু বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াক অনুৰোধ জনাই পুনৰ কয় যে কাইলৈ আপোনালোকৰ ঘৰত আৰু মোৰ ঘৰত দুটাকৈ মিটাৰ লগাওঁ আৰু এক মাহৰ পিছত বিল চাওঁ। যদি কনভেনচনেল মিটাৰত কৈ স্মাৰ্ট মিটাৰত বিল বেছি আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিম।

Leave A Reply

Your email address will not be published.