কাকপথাৰত মুক্ত শিক্ষাৰ সজাগতা সভা ।Krishna Kanta Handiqui State Open University

কাকপথাৰ, ৬ মাৰ্চ: Krishna Kanta Handiqui State Open University । কাকপথাৰ পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ত আজি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয়। কাকপথাৰ দৰে পিছপৰা অঞ্চলত কেনেদৰে মুক্ত শিক্ষা গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে সভাখনৰ আয়োজন কৰা হয়।

উক্ত সভাত উপস্থিত থাকে পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ থানুৰাম মজিন্ডাৰ, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰবক্তা দীপাংকৰ মালাকাৰ, প্ৰধান শিক্ষক মানিক মৰাণ, কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি বিজয় দত্ত, কাকপথাৰৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, লগতে সাংবাদিক ৰাতুল কলিতা, হৃষিকেশ দত্ত, মনিছ সিং। সভাত মহাবিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী আৰু প্ৰবক্তাসকলো উপস্থিত থাকে।

সজাগতা সভাখন মহাবিদ্যালয়ৰ প্ৰবক্তা বিতুৰাজ গোহাঞি দেৱে নেতৃত্ব দিয়ে। সভাত মুক্ত শিক্ষাৰ সুযোগ-সুবিধা, শিক্ষাৰ ডিজিটেল প্ৰসাৰৰ লগতে গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে মুক্ত বিশ্ববিদ্যালয়ৰ সুবিধাসমূহ কিদৰে লাভ কৰিব পাৰি, তাৰ ওপৰত আলোচনা কৰা হয়।

এই সভাই কাকপথাৰ অঞ্চলৰ শিক্ষাৰ্থীসকলৰ মাজত মুক্ত শিক্ষাৰ প্ৰতি নতুন আশা জগাব বুলি উপস্থিত সকলে আশাবাদ প্ৰকাশ কৰে।

Related Articles