Breaking

‘কা আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল’- হিমন্ত বিশ্ব শৰ্মা

0 22

‘কা আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল’- হিমন্ত বিশ্ব শৰ্মা
এই পৰ্যন্ত ৮ জন লোকেহে নাগৰিকত্বৰ বাবে কৰিছে আবেদন
অসমত হোৱা ‘কা’ আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল।নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত ২০ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি চলোৱা প্ৰচাৰ অসত্য বুলি প্ৰমাণিত হৈছে।
এতিয়া ‘কা’ আন্দোলনৰ কোনো প্ৰয়োজনীয়তা, প্ৰাসংগিকতা নাই। নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


সোমবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী
ড০ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইনৰ অধাৰত মাত্ৰ ৮ জন লোকে অসমত নাগৰিকত্বৰ বাবে আবেদন কৰিছে বুলি দাবী কৰি কয় যে এই ৮ জনৰ আকৌ মাত্ৰ দুজনেহে সাক্ষাতকাৰৰ বাবে উপস্থিত হৈছে। এই তথ্য উল্লেখ কৰিয়েই তেওঁ ‘কা’ আন্দোলনক সমালোচনাৰ লক্ষ্য কৰি লয়।


উল্লেখ্য যে, বিৰোধী ৰাজনৈতিক দল, ছাত্ৰ তথা জাতীয়, জনজাতিয় সংগঠনৰ ব্যাপক আন্দোলনৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন।

Leave A Reply

Your email address will not be published.