Breaking

কৃত্ৰিম বানপানীৰ কবলত দিল্লীবাসী…

0 24

দিল্লী-এনচিআৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত তাপমাত্ৰা ব্যাপক হ্ৰাস পাইছে। বৰষুণে গৰমৰ পৰা দিল্লীবাসীক সকাহ দিছে যদিও দিল্লীবাসীৰ বাবেও বহু সমস্যাও সৃষ্টি কৰিছে।

ধাৰাসাৰ বৰষুণৰ বাবে দিল্লীৰ বাট-পথ পানীত ডুব যোৱা দেখা গৈছে। বহু ঠাইত যান- যঁটৰ সমস্যাই দেখা দিছে। ইয়াৰ বাবে মানুহৰ জীৱন প্ৰণালীতো প্ৰভাৱ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজি দিল্লীত গোটেই দিনটো বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

বৰ্তমান দিল্লীৰ আকাশ ডাৱৰে আৱৰি ধৰিছে। বৰষুণৰ ফলত আৰ্দ্ৰতাৰ পৰা সকাহ দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কিছুদিনলৈ বতৰ এনেদৰে থাকিব পাৰে।

পূৰ্বে কোৱা হৈছিল যে জুলাই মাহৰ আৰম্ভণিতে বাৰিষা প্ৰৱেশ কৰিব। কিন্তু তাৰ আগতেও দিল্লীত আৰম্ভ হৈছে বৰষুণ- বজ্ৰপাত। দিল্লী-এনচিআৰত পুৱাৰ তাপমাত্ৰা ২৭ ডিগ্ৰী চেলছিয়াছ। সন্ধিয়ালৈকে বতৰ এনেদৰে থাকিব বুলি আশা কৰা হৈছে।

অৰ্থাৎ কেতিয়াবা প্ৰবল আৰু কেতিয়াবা সাধাৰণ বৰষুণ হ’ব পাৰে। ইয়াৰ লগতে আজি ঘণ্টাত ১৩ কিলোমিটাৰ বেগেৰে বতাহ বলিব আৰু আৰ্দ্ৰতা ৯০ শতাংশ হ’ব।

Leave A Reply