কৰুণ! বৰলে প্ৰাণ কাঢ়িলে এটি ৫ বছৰীয়া কণমানিৰ; ঘৰৰ চোতালত খেলি থকা সময়তে কামুৰিলে বৰ বৰলে, বিষত ছটফটাই অৱশেষত হ’ল মৃত্যু

হাজোৰ (Hajo) দামপুৰৰ আমদলাত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। বৰলৰ কামোৰত কৰুণ মৃত্যুক সাৱটিলে এটি ৫ বছৰীয়া কণমানিয়ে। জানিব পৰা অনুসৰি ঘৰৰ চোতালত খেলি থকা সময়তে বৰ বৰলে কামুৰে কণমানিটিক।

বৰলে কামোৰাৰ পিছতে গুৰুতৰভাবে অসুস্থ হৈ পৰা কন্যা শিশুটিক ভৰ্তি কৰোৱা হৈছিল শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। কিন্তু অসহ্য যন্ত্ৰণাত ছটফটাই অৱশেষত দুৰ্ভাগ্যজনকভাবে মৃত্যুক সাৱটি লয় শিশুটিয়ে। ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।

Related Articles