Breaking

খিলঞ্জীয়া মুলসুতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

0 28

বৰপেটাৰ কয়াকুছিৰ সমীপৰ বামুনবড়ি গাঁওত খিলঞ্জীয়াৰ ওপৰত দলবদ্ধ আক্ৰমণ ঘটনাৰ বুজ লবলৈ উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনা স্থলিত উপস্থিত হৈ দোষীক কৰায়ত্ব কৰাৰ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ ৷
উল্লেখ্য যে মঙলবাৰে বিয়লি এটা সৰু ঘটনাক কেন্দ্ৰ কৰি একাংশ সংখ্যা লঘুৰ লোকে বামুনবড়ি গাওৰ খিলঞ্জীয়া অসমীয়া লোকক দলবদ্ধ ভাবে আক্ৰমণ কৰিছিল ৷


এই আক্ৰমণৰ ঘটনাত প্ৰণৱ দাস, বিকাশ দাস, মৌচম দাস আৰু কনজ্যোতি তালুকদাৰ নামৰ চাৰিজন লোৰ গুৰুতৰ ভাৱে আহত হয় ৷ জহুৰ খাঁ নামৰ এজন লোকৰ নেতৃত্বত এই ঘটনা সংঘটিত হৈছিল ৷ ঘটানা সংক্ৰান্তত আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গাওঁখনত উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আহত সকলৰ স্বাস্থ্যৰ বুজ লয় ৷ ঘটনা স্থলিত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে দোষীক কৰায়ত্ব কৰাৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে কোনো খিলঞ্জীয়া মুলসুতিৰ মানুহে সংকাট থাকিব নালাগে ৷ খিলঞ্জীয়া মুলসুতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

Leave A Reply

Your email address will not be published.