Breaking

গছপুলি ৰোপণ অভিযান আৰু শৰীৰ চৰ্চা প্ৰতিযোগিতা

0 14

আজাৰা ,২২ জুলাই: পশ্চিম গুৱাহাটীৰ বৃহত্তৰ আজাৰা অঞ্চলৰ অন্যতম শৰীৰ চৰ্চা বিষয়ক সংগঠন ‘ আজাৰা ব্যায়াম সমিতিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ২০ আৰু ২১ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ২০ জুলাইত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমিতিৰ সভাপতি অনুপ দাসে।

আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সিদিনা গছপুলি ৰোপণ আৰু এক চাফাই অভিযান চলোৱা হয়। চাফাই অভিযানত সমিতিৰ সদস্য সকলে আজাৰা ৰাজহুৱা শ্বাশান চৌহদৰ লগতে সংযোগী পথটো হাতে হাতে ঝাৰু, কোৰ , কদাল লৈ চাফ – চিকুণ কৰে। আনহাতে ২১ জুলাইত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেবাটাও ওজনৰ শাখাত শৰীৰ চৰ্চা বিষয়ক প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

প্ৰতিযোগিতাৰ ১০৫ কেজি ওজনৰ শাখাত ৰাজীৱ পতঙ্গীয়া , ৯৩ কেজি ওজনৰ শাখাত ৰাজ বাছফৰ, ৮৩ কেজি ওজনৰ শাখাত ৰাজু হীৰা, ৭৪ কেজি ওজনৰ শাখাত চিন্ময় কলিতা আৰু ৬৬ কেজি ওজনৰ শাখাত জিন্তু মালীয়ে প্ৰথম স্থান লাভ কৰে। তেনেদৰে প্ৰতিযোগিতাত ষ্ট্ৰং মেনৰ সন্মান লাভ কৰে চিন্ময় কলিতাই। প্ৰতিযোগিতা পৰিচালনা কৰে সমিতিৰ সম্পাদকক্ৰয় ক্ৰমে – পাৰ্থ প্রতিম মেধি, মনোজ কুমাৰ দাস আৰু ৰূপম দাসে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী খেলুৱৈ সকলক বঁটা আৰু নগদ ধন বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.