Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা দিৱস পালন আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ পোষ্টাৰ মুকলি

0 18

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ‍্যোগত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ ছাত্র কল‍্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানটিত ড০ কাকতিয়ে কয় যে- অসমীয়া জাতীয় জীৱনলৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অতুলনীয়। নৱপ্ৰজন্ম‌ই তেওঁৰ কৰ্মৰাজি আৰু আদৰ্শৰ চৰ্চা আৰু অনুধাৱন কৰিলেহে প্ৰকৃততে বিষ্ণু ৰাভা দিৱস পালন কৰাৰ মূল্য থাকিব।
অনুষ্ঠানটিত উপস্থিত থাকি অধ‍্যাপক ড০ দেৱাশীষ শ‌ইকীয়া, ড০ বাহাৰুল আলি, ড০ কুলদ্বীপ পাটগিৰি আদিয়ে বক্তব্য ৰাখে।


অনুষ্ঠানটিতে বিষ্ণু ৰাভা দিৱস উপলক্ষে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাহিত্য বিভাগৰ উদ‍্যোগত আয়োজিত প্ৰবন্ধ প্ৰতিযোগিতাৰ পোষ্টাৰ মুকলি কৰা হয়। ‘বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী চেতনা আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা’ বিষয়ক প্ৰবন্ধ প্ৰতিযোগিতাখনিত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ‍্যয়নৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব।


প্ৰতিযোগিতাখনৰ পুৰস্কাৰসমূহ হৈছে- প্ৰথম– ৩০০১ টকা, মানপত্ৰ, ট্ৰফী আৰু কিতাপৰ টোপোলা; দ্বিতীয়― ২০০১ টকা, মানপত্ৰ, ট্ৰফী আৰু কিতাপৰ টোপোলা; তৃতীয় ― ১০০১ টকা, মানপত্ৰ, ট্ৰফী আৰু কিতাপৰ টোপোলা।
অতি কমেও (Minimum) ১৫০০ শব্দৰ ভিতৰত প্ৰবন্ধবোৰ হাতেলিখি বা ডিটিপি কৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত থকা ‘সাহিত্যৰ বাকচ’ত জমা দিব লাগিব। বা guliterarysec2024@gmail.com লৈ PDF আকাৰত প্ৰেৰণ কৰিব লাগিব। প্ৰবন্ধ প্ৰেৰণ কৰাৰ অন্তিম সময়সীমা ৫ জুলাই, ২০২৪। প্ৰতিযোগিতা সম্পৰ্কীয় অন‍্য যিকোনো তথ‍্যৰ বাবে ৬০০১১০৭৬৩৯ নম্বৰত স্নাতকোত্তৰ ছাত্র সন্থাৰ সাহিত্য সম্পাদক নৱকান্ত বৰুৱাক যোগাযোগ কৰিবলৈ এক বিজ্ঞপ্তি যোগে সম্পাদকগৰাকীয়ে জনাইছে।

Leave A Reply