Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাৰ আলোচনীৰ ৭১ তম প্ৰকাশৰ উন্মোচন

0 37

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এসত্তৰসংখ্যক স্নাতকোত্তৰ মহলাৰ আলোচনীখন আজি বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত উন্মোচিত হৈ যায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সাহিত্য আৰু শিল্পচৰ্চাৰ অন্যতম থলী এই আলোচনীখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট সাহিত্যিক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক এম. কামালুদ্দীন আহমেদ।

অনুষ্ঠানটোত লগতে উপস্থিত আছিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথ, শ্ৰেণীসমূহৰ সচিব অধ্যাপক জগদীশ শৰ্মা, ছাত্ৰ-কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি, স্নাতকোত্তৰ ছাত্ৰ-সন্থা ২০২১-২২ বৰ্ষৰ সভাপতি হেমেন কলিতা, সম্পাদক বিকি শৰ্মা প্ৰমূখ্যে আন সদস্যসকল তথা বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকল। জ্ঞানপ্ৰতীম দেৱ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা ৩৮৪ পৃষ্ঠাৰ আলোচনীখনত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰৱন্ধ তথা আন সৃষ্টিশীল ৰচনাৰ লগতে, কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু সমাজকৰ্মী ৰিতুপৰ্ণা নেওগৰ সাক্ষাৎকাৰ প্ৰকাশ পায়। আলোচনীখনত বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী আৰু জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে গুৱাহাটী বিশ্ববিদ্যালয় তথা ছাত্ৰ-সমাজলৈ প্ৰেৰণ কৰা বাৰ্তা প্ৰকাশ পায়। সম্পাদকে জনোৱা মতে আলোচনীখনৰ ইলেকট্ৰনিক সংস্কৰণ এটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত উপলব্ধ হ’ব।

Leave A Reply

Your email address will not be published.