গুৱাহাটী মহানগৰীত চিলাপথাৰৰ যুৱতীৰ ৰহস্যজনক হত্যা ! Guwahati city

Guwahati city । গুৱাহাটী মহানগৰীত চিলাপথাৰৰ এগৰাকী যুৱতীৰ ৰহস্যজনক হত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২১ বছৰীয়া জন্মেশ্বৰী বসুমতাৰী নামৰ যুৱতীগৰাকীৰ মৃতদেহ তেওঁৰ প্ৰেমিক ইন্দ্ৰজিৎ পাইট নামৰ এজন যুৱকৰ ভাড়াঘৰত উদ্ধাৰ কৰা হয় ।

এই ঘটনাই চিলাপথাৰ অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। চিমেন চাপৰি থানাৰ অন্তৰ্গত ৩ নং মহনপুৰ গাঁৱৰ নিবাসী ৰাজু বসুমতাৰীৰ কন্যা জন্মেশ্বৰী বসুমতাৰী গুৱাহাটীৰ এখন জিমত সহায়ক কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। দেওবাৰে, গনৰাজ্য দিৱসৰ দিনা, চিলাপথাৰত থকা নিজৰ ঘৰলৈ যোৱাৰ পূৰ্বে, তেখেতৰ প্ৰেমিক ইন্দ্ৰজিৎ পাইটৰ সৈতে দেখা হৈছিল। পৰিয়ালৰ অভিযোগ অনুসৰি, তাত দুয়োজনৰ মাজত কাজিয়া হয় আৰু তাৰ পিছতেই ইন্দ্ৰজিতে হত্যাকাণ্ড সংঘটিত কৰে।

চানমাৰি আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ ইন্দ্ৰজিৎ পাইটৰ ভাড়াঘৰৰ কোঠালিৰ পৰা উদ্ধাৰ কৰে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত চানমাৰি আৰক্ষীয়ে অভিযুক্তক আটক কৰে আৰু তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীৰ তদন্তৰ বাবে আৰক্ষী তৎপৰ হৈ কাম কৰি গৈছে। এই ঘটনাই চিলাপথাৰৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। বিভিন্ন জাতীয় সংগঠন যেনে এবছু, সংযুক্ত বড়ো গণ মঞ্চ, আৰু আবৗফৗ ধেমাজি জিলা সমিতিয়ে হত্যাকাৰী যুৱকৰ উপযুক্ত শাস্তিৰ দাবী জনাইছে। সংগঠনসমূহে চৰকাৰ আৰু জিলা প্ৰশাসনক সদৰী কৰি কয় যে শাস্তি প্ৰদানত দেৰী হ’লে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

চানমাৰি আৰক্ষীয়ে ইয়াৰবাবে সাধুবাদ লাভ কৰিছে। হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখি, পূৰ্ণ সত্য উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঘটনাস্থলীৰ সন্দৰ্ভত সাক্ষী-প্ৰমাণ সংগ্ৰহ আৰু অভিযুক্তৰ পূৰ্বৰ পৰিচয়ৰ বিষয়ে তদন্ত আৰম্ভ হৈছে। এই হত্যাকাণ্ডে পুনৰ গুৱাহাটীৰ মহানগৰীত সুৰক্ষাৰ পৰিস্থিতি আৰু মহিলাসকলৰ নিৰাপত্তাৰ প্ৰশ্নক কেন্দ্ৰস্থ কৰিছে। বিভিন্ন সংগঠন আৰু ৰাইজে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ লগতে এই ধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে সুৰক্ষাৰ ব্যৱস্থা অধিক মজবুত কৰাৰ দাবী জনাইছে।

Related Articles