Breaking

গেৰুকামুখত ভয়ংকৰ ভূমিস্খলনঃ এন এইচ পি চিৰ শক্তিগৃহত পাহাৰ খহি হোৰাহোৰে সোমাইছে বোকা পানী

0 9

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ২৫ জুনঃ পুনৰ ভূমিস্খলনত বিধ্বস্ত হৈছে এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা  ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা বুলি দম্ভালী মৰা এন এইচ পি চিৰ দৰ্প চূৰ্ণ কৰি পুনৰ সোৱণশিৰি নদীয়ে আজি প্ৰকল্পটোৰ শক্তিগৃহত চলালে ধ্বংসলীলা  ৷ 

পুনৰ খহি পৰিল ভংগুৰ গেৰুকামুখ পাহাৰ ৷ খহি পৰিল প্ৰকল্পটোৰ শক্তিগৃহৰ বাবে নিৰ্মাণ কৰা সুৰক্ষা বান্ধ ৷  এন এইচ পি চিৰ তথাকথিত শক্তিশালী নিৰ্মাণ শৈলীক উপহাস কৰি নিজৰ স্বাভিমান  আৰু শক্তিক পুনৰ প্ৰমাণ কৰিলে সোৱণশিৰি নদীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি আজি এসপ্তাহৰ পৰা অৰুণাচল প্ৰদেশৰ পাহাৰ আৰু ইযাৰ দাঁতিকাষৰীয়া অঞ্চলত মজলীয়া ধৰণৰ বৰষুণ দি আছিল ৷ ফলত সোৱণশিৰি নদীপৃষ্ঠ  ফেনেফুটুকাৰে উপন্দি উঠিছিল ৷ আজি পুৱাৰ পৰা নদীখনে ভয়ানক ধৰণে  নদীখনৰ প্ৰকল্পস্থলীৰ সোঁৱে-বাঁৱে থকা দুয়োপাৰৰ পাহাৰত প্ৰচণ্ড হেঁচাৰ সৃষ্টি কৰিছিল আৰু  ভূমিস্খলন হ’বলৈ আৰম্ভ হৈছিল  ৷  আজি দুপৰীয়া ভূমিস্খলনে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ 

ভূমিস্খলনে  প্ৰকল্লটোৰ সোঁপাৰৰ পাহাৰত থকা শক্তিগৃহৰ সুৰক্ষা বান্ধ খহাই নিয়ে আৰু লগে লগে শক্তিগৃহলৈ বোকাময় পানী হোৰাহোৰে  সোমাবলৈ ধৰে ৷ এন এইচ পি চিয়ে ভূমিস্খলন প্ৰতিৰোধকৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও  এই বাতৰি লিখা পৰ্যন্ত প্ৰতিৰোধ কৰিব পৰা নাই ৷ ভূমিস্খলনৰ   ঘটনাটো সংঘটিত হৈছে  সোৱণশিৰি নদীৰ সোঁপাৰৰ গেৰুকামুখ  পাহাৰৰ মূল বান্ধৰ এক-দুই মিটাৰ  নিলগৰ নামনিত আৰু ঠিক প্ৰকল্পটোৰ শক্তিগৃহৰ  ওপৰত ভয়ংকৰভাৱে ফাট মেলি থকা পাহাৰত ৷

ভূমিস্খলনৰ ফলত প্ৰকল্পটোৰ শক্তিগৃহৰ ব্যাপকভাৱে ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ ভূমিস্খলনে এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ যিকোনো মূহুৰ্তত মূল বান্ধত অনাকাংক্ষিত পৰিস্থিতিৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰীশকল ৷  উল্লেখনীয় যে, ইয়াৰ পূৰ্বেও সোৱণশিৰি নদীৰ ৰুদ্ৰ ৰূপত এন এইচ পি চিৰ দ্বাৰা নিৰ্মিত  নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বহুবাৰ বিধ্বস্ত হৈছিল ৷ যিটোৰভাৱে এন এইচ পি চিয়ে প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ গৈ এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈ আহিছে ৷ গেৰুকামুখ পাহাৰত ভূমিস্খলনৰ ঘটনাই সোৱণশিৰি পৰীয়া জনসাধাৰণকো আতংকিত কৰি তুলিছে ৷

Leave A Reply