Breaking

গোগামুখত স্বাধীনতা দিৱস কাপ ফুটবলত মইনাপৰা-মৰ্ণিং এফ চি পৰবৰ্ত্তী ৰাওণ্ডত

0 16

দৈনন্দিন বাৰ্তাৰ ক্ৰীড়া প্ৰতিবেদক,  ধেমাজি, ২ আগষ্টঃ ধেমাজিি জিলাৰ গোগামুখৰ অন্যতম ক্ৰীড়া সংগঠন ন-গাঁও যুৱক সংঘৰ উদ্যোগত গোগামুখ নগৰ হাইস্কুল খেলপথাৰত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পূৰ্ণ গতিত চলি থকা প্ৰয়াত কনকেশ্বৰ গগৈ আৰু ধনবৰ দত্ত সোঁঁৱৰণি প্ৰাইজমানি আৰু ট্ৰফী ফুটবল টুৰ্নামেণ্টত  কালি বিয়লি অনুষ্ঠিত হোৱা এখন খেলত  মইনাপৰা এফ চিয়ে চিয়াজুলি এফ চিক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷

উত্তেজনাহীন একপক্ষীয় খেলখনত মইনাপৰা এফ চিয়ে চিয়ে উভয় অৰ্ধতে গ’ল কৰিবলৈ সক্ষম হয় ৷ কালিৰ খেলখন পৰিচালনা কৰে মণিৰাম পেগু,  শিৱাজী পাতিৰ,  ভূবন পেগুৱে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে মহানন্দ মিলি আৰু   মেচ কমিছনাৰ হিচাপে থাকে  বিমল স্বৰ্গীয়াৰীয়ে ৷ আজি অনুষ্ঠিত হোৱা আন এখন খেলত গোগামুখ মৰ্ণিং এফ চিয়ে চিলাপথাৰ ব্ৰাডাৰ্ছ এফ চিক টাইব্ৰেকাৰৰ জৰিয়তে ৬-৪ গ’লৰ ব্যৱধান পৰাস্ত কৰি দ্বিতীয় ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷ নিৰ্ধাৰিত সময়ত দুয়োটা দলে  ২-২ গ’ল দি ড্ৰ কৰাত খেলৰ পৰিচালকে টাইব্ৰেকাৰৰ আশ্ৰয় লয় ৷ টাইব্ৰেকাৰত গোগামুখ মৰ্ণিং এফ চিয়ে ৫-৪ গ’লৰ ব্যৱধানত জয়ী হয় ৷

Leave A Reply

Your email address will not be published.