Breaking

গোগামুখৰ মিংমাং জলপ্ৰপাতত গা ধুবলৈ গৈ দুগৰাকী যুৱক নিৰুদ্দেশঃ দুয়োগৰাকী যুৱকৰে নিশ্চিত মৃত্যুৰ আশংকা

0 33

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৯ জুলাইঃ

ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ সীমান্তবৰ্ত্তী তথা গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাং ৰূপহী জলপ্ৰপাতত পুনৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ জলপ্ৰপাতটোত গা ধুবলৈ গৈ দুগৰাকী যুৱক নিৰুদ্দেশ হৈছে আৰু দুয়োগৰাকীৰে মৃত্যুৰ আশংকা কৰা হৈছে ৷ ঘটনাৰ বিৱৰণি মতে আজি পুৱা ৯ বজাত ছয়-সাতজনীয়া দল এটা মিংমাং ৰূপহী জলপ্ৰপাতত গা ধুবলৈ ৰাওনা হৈছিল ৷

১০ বজাত যুৱকৰ দলটোৱে জলপ্ৰপাতত উপস্থিত হৈ গা ধুবলৈ আৰম্ভ কৰাই নহয় সুউচ্চ পাহাৰৰ পৰা নামি অহা জলপ্ৰপাত ওখ গৰাৰ  পৰা জলপ্ৰপাতটোৰ তলৰ নদী সদৃশ নিম্নাংশলৈ জপিয়াই গা ধুবলৈ আৰম্ভ কৰিছিল ৷ এনেদৰে জপিয়াই থাকোঁতে লংলেট চাউলা নামৰ যুৱক জনো  জাঁপ মাৰে ৷ বহু সময়লৈ জলপ্ৰপাতৰ নিম্লাংশৰ পৰা জলপ্ৰপাতটোৰ থিয় গৰাটোলৈ উভতি নহাত সন্দেহ উপজি আন এগৰাকী যুৱক গোলাপ পেগুৱে সংগীজনক উদ্ধাৰ কৰিবলৈ জপিয়াই দিয়ে ৷ কিন্তু পাছত জপিওৱা গোলাপ পেগুৱ নামৰ যুৱকজনো ঘুৰি নহাত বাকী লগৰীয়াসকল আতংকিত হৈ পৰে আৰু পৰিয়ালৰ লোকক খবৰ দিয়ে ৷

পৰিযালৰ লোকে স্থানীী দল-সংগঠনৰ লগত মিলি যুৱক দুজনক উদ্ধাৰৰ প্ৰচেষ্টা চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷ উপায়হীন হৈ পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে এছ আৰ এফ দল লৈ ঘটনাস্থলীত উপস্থিত হৈছে যদিও যুৱক দুজনক এই বাতৰি যুগুত কৰালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ সন্ধানহীন যুৱক দুজনৰ এগৰাকী হৈছে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লংলেট লাউচা আৰু আনগৰাকী হৈছে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত গোগামুখ তাজিক গাঁৱৰ ৷ স্থানী প্ৰত্যক্ষদৰ্শীয়ে দুয়োগৰাকী যুৱকে নিশ্চিত মৃত্যুক আকোঁৱালী লোৱা বুলি জানিবলৈ দিছে ৷ ইয়াৰ পূৰ্বেও উক্ত জলপ্ৰপাতটোত কেবাগৰাকী যুৱক মৃত্যুক আকোঁৱালী লৈছে ৷

Leave A Reply

Your email address will not be published.