Breaking

গোগামুখ-মহৰিকেম্পত স্বাধীনতা দিৱস ফুটবলত টি এম পি কে এফ চি ফাইনেলতঃ

0 22

ধেমাজি জিলাৰ গোগামুুুখত মহৰিকেম্প ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত   মহৰিকেম্প ক্ৰীড়া সন্হাৰ সহযোগত আৰু ৭৮  সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন সমিতিৰ উদ্যোগত পূৰ্ণ গতিত চলি থকা স্বাধীনতা দিৱস কাপ প্ৰাইজমাণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি বিয়লি অনুষ্ঠিত হোৱা ছেমি ফাইনেল খেলত  টি এম পি কে এফ চিয়ে  ধেমাজি জীয়াধল দিহিৰি এফ চিক টাইব্ৰেকাৰৰ জৰিয়তে ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰি  ফাইনেলত প্ৰৱেশ কৰিছে ৷ 

উত্তেজনাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধত টি এম পি কে এফ চিয়ে খেলৰ ১৫ মিনিটত প্ৰথমটো গ’ল দিয়ে যদিও প্ৰথমাৰ্ধৰ অন্তিম মূহুৰ্তত দিহিৰি এফ চিয়ে এটা পেনাল্টিৰ সুযোগ লাভ কৰে আৰু দিহিৰি এফ চিয়ে তাক সুন্দৰভাৱে গ’ললৈ ৰূপান্তৰিত কৰে ৷ দ্বিতীয়াৰ্ধত টি এম পি কে এফ চিয়ে একপক্ষীয়ভাৱে দিহিৰি এফ চিৰ গ’ল বক্সত  আক্ৰমণ আৰম্ভ কৰে যদিও দিহিৰি এফ চিৰ ডিফেণ্ডাৰৰ শক্তিশালী ভূমিকাৰ বাবে  গ’ল দিবলৈ সক্ষম নহ’ল ৷

ফলত খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্ৰ হৈ ৰয় ৷ খেলখন ড্ৰ হোৱাত খেলৰ পৰিচালকে টাইব্ৰেকাৰৰ আশ্ৰয় লয় ৷ টাইব্ৰেকাৰত টি এম পি কে এফ চিয়ে ৫ গ’ল দিয়াৰ বিপৰীতে দিহিৰি এফ চিয়ে ৪ গ’ল দি পৰাজয়বৰণ কৰে ৷ উল্লেখনীয় যে, টি এম পি কে ফুটবল দলটো এইবাৰ গমুগ পেগু আৰু পদ্মলোচন মিলিৰ নেতৃত্বত বিদেশী খেলুৱৈ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ খেলুৱৈৰ দ্বাৰা গঠন কৰা হৈছে ৷

টি এম পি কে ফুটবল দলটোৱে প্ৰতিখন খেলতে গতি-শক্তি আৰু টেক্‌নিকৰ সুন্দৰ সমাহাৰেৰে ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত পদশিল্পক নান্দনিক কৰি তুলি ৰাখিছে ৷ আজিৰ খেলত মুখ্য পৰিচালকে বহুকেইটা সিদ্ধান্ত টি এম পি কে এফ চিৰ বিপক্ষে ভুল সিদ্ধান্ত দি খেলখন দিহিৰি এফ চিৰ সপক্ষে উদাৰ মনোভাৱ পোষণ কৰিছিল যদিও টি এম পি কে এফ চিৰ অভিজ্ঞ খেলুৱৈসকলে পৰিচালকৰ এই ভুল সিদ্ধান্তবোৰ গুৰুত্ব নিদি পদশিল্পৰ সৌন্দৰ্য তথা সুন্দৰতম শৈল্পিক বাতাবৰণ বৰ্ত্তি ৰাখে আৰু যোগ্য দল হিচাপে  ফাইনেলত প্ৰৱেশ কৰে ৷ 

Leave A Reply

Your email address will not be published.