Breaking

গোলাঘাটত যুৱ সমাজ সেৱক অনুৰাগ চলিহাৰ মহানুভৱতা : চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীক সম্বৰ্ধনা

0 92

গোলাঘাটঅখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা যুৱ সমাজসেৱক অনুৰাগ চলিহাৰ নেতৃত্বত শনিবাৰে ইতিমধ্যে সেউজ মণ্ডলত প্ৰৱেশ কৰা গোলাঘাটত ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্য বিভাগৰ প্ৰতিজন চিকিৎসা কৰ্মীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোক অসমীয়া জলপানেৰে আপ্যায়ন কৰে। বৰ্তমান ক’ৰ’ণা মুক্ত ঘোষণা হোৱা জিলাখনত তেওঁলোকে বিগত ২৮ দিনত কৰা সংগ্ৰাম তথা ত্যাগৰ মহানুভৱতাক  কৃতজ্ঞতা জনায়। এই অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট নগৰ শাখাৰ সম্পাদক ৰণ্টু দত্ত, সাংগঠনিক সম্পাদক লাচিত মেধি, ছ’চিয়েল মিডিয়াৰ প্ৰমুখ সমীহ বৰা, সক্রিয় কাৰ্যকৰ্তা দেৱপ্ৰতীম গগৈ, মিত্ৰভজিত শইকীয়া, অভিনাশ দত্ত, অনিকেশ দত্ত, অনুৰাগ দত্ত, ভাৰতীয় জনতা যুৱ মৰ্চাৰ গোলাঘাট নগৰ সমিতিৰ সভাপতি অৰ্চন শৰ্মা, সাধাৰণ সম্পাদক আদিত্য মুখাৰ্জী, সক্ৰিয় কাৰ্যকৰ্তা বিকি শৰ্মা, সম্পৰ্ক নায়ককে প্ৰমুখ্য কৰি কেইবাজানো কাৰ্যকৰ্তা।

Leave A Reply

Your email address will not be published.