Breaking

গোলাঘাট জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰে লেৱৰটৰী টেকনিচিয়ানৰ সভা

0 58

গোলাঘাট 

গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে শনিবাৰে জিলাখনৰ ৬০ জন লেবৰেটৰী টেকনিচিয়ানৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা সভাত মিলিত হয়। জিলাখনৰ বোকাখাত, কমাৰবন্ধা, চাৰিঙীয়া আৰু মিছামৰা খণ্ড চিকিৎসালয়ৰ অন্তৰ্গত বিভিন্ন চিকিৎসালয়ৰ টেকনিচিয়ানসকলে এই সভাত অংশ গ্ৰহণ কৰে। সভাত উপায়ুক্তই ক’ভিদ-১৯ জনিত ৰোগ জিলাখনত প্ৰতিৰোধ আৰু সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত টেকনিচিয়ানসকলৰ পূৰ্ণ সহযোগিতা বিচাৰে। তদুপৰি লেবৰেটৰীবোৰত নিৰ্দ্ধাৰিত পৰীক্ষা সম্পন্ন কৰা, অভাৱ অভিযোগবোৰৰ বিষদ আলোচনা কৰে।সভাত অতিৰিক্ত উপায়ুক্ত ডাঃ উদয় প্ৰবীণে (স্বাস্থ্য) হিমগ্লবিন, এইচ আই ভা টেষ্ট, ৱাইডেল টেষ্ট, মেলেৰিয়া আদিৰ তথ্যৰ বুজ লোৱাৰ লগতে পৰামৰ্শ দিয়ে৷ জিলাৰ স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক তৌফিক হুছেইন উপস্থিত থকা সভাত জ্যেষ্ঠ লেৱৰেটৰী টেকনিচিয়ান দেৱজিৎ লাহনে ক’ভিদ-১৯ৰ নমুনা সংগ্ৰহ আৰু ভাইৰাছৰ দ্বাৰা সংক্ৰমন ৰোধৰ ক্ষেত্ৰত ক্ষেত্ৰত উপায়ুক্তৰ পৰামৰ্শ আৰু পদক্ষেপক শলাগ লয়। লগতে সহকৰ্মী টেকনিচিয়ানসকলক নিষ্ঠা আৰু সাহসেৰে কৰ্মক্ষেত্ৰত দক্ষতাৰ পৰিচয় দিবলৈ আহ্বান জনায়। সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ গোলাঘাট জিলাৰ আঁচনি বিষয়া অনুষ্কা বৰুৱা, মিডিয়া এক্সপাৰ্ট পূৰ্বালী বৰা প্ৰমুখ্যে খণ্ড কেইটাৰ মহকুমা চিকিৎসা বিষয়াসকল উপস্থিত থাকে। উপায়ুক্তগৰাকীয়ে শেষত মন্তব্য কৰে যে লেৱৰেটৰী টেকনিচিয়ানসকলৰ উপায়ুক্তৰ সৈতে এইখনেই অসমত প্ৰথমখন সভা।

Leave A Reply

Your email address will not be published.