Breaking

গোসাঁইগাঁৱৰ শিমলটাপুত ড্ৰাগছ সহ এজন যুৱক আটক

0 210

গোসাইগাঁও, ২২ জুনঃ শ্রীৰামপুৰত শিবিৰ পাতি থকা চি আৰ পি এফৰ ১২৯ নম্বৰ ডেল্টা বাহিনীৰ চোৰাংচোৱাই গোপন সূত্ৰত লাভ কৰা তথ্যৰ ভিত্তিত আজি সন্ধিয়া সময়ত অসম বংগ সীমান্তৰ শিমুলটাপুৰ পৰা ড্ৰাগছ সহ এজন ড্ৰাগ আসক্ত যুৱকক আটক কৰে।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কৰিমবজাৰ (অক্সিগুৰি)ৰ বাসিন্দা আব্দুল মোতায়েন শ্বেখৰ পুত্ৰ মফিজুৰ আলী (২৫) নামৰ যুৱক এজনক আটক কৰি শিমুলটাপু আৰক্ষী চকীত খবৰ দিয়ে। পাছত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষী আৰু গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া হীৰেন কুমাৰ ডেকা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ পাছত যুৱকজনক শিমুলটাপু আৰক্ষী চকী লৈ আনি জেৰা অব্যাহত ৰাখিছে।আটকাধীন যুৱক জনৰ পৰা ১৫ টা কণ্টেনাৰ ভৰ্ত্তি ড্ৰাগছ জব্দ কৰা হয়।

কণ্টেনাৰত ব্ৰাউন ছুগাৰ থকা বুলি ধৃত যুৱক জনে প্ৰকাশ কৰে। উক্ত ড্ৰাগছ খিনি ড্ৰাগছ আসক্ত যুৱকজনে শিমুলটাপুৰ এজন ড্ৰাগছ বিক্ৰেতাৰ পৰা কিনি আনিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে। ৰাজমিস্ত্ৰীৰ কাম কৰা যুৱকজনে নিজে খোৱাৰ কাৰনে ৫০০০ টকাৰে উক্ত ড্ৰাগছখিনি সংগ্ৰহ কৰি ঘৰমুৱা হোৱা সময়ত চি আৰ পি এফৰ চোৰাংচোৱাৰ হাতত আটক হয়। তেওঁ যোৱা তিনিমাহৰ পৰা এই নিচাত আসক্ত হৈছে আৰু শিমুলটাপুৰ পৰা এই ড্ৰাগছ ক্ৰয় কৰে। আৰক্ষীয়ে সকলো তথ্য সংগ্ৰহ কৰি ড্ৰাগছৰ বেহা চলোৱা চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে তৎপৰ হৈছে আৰু শীঘ্ৰেই এই চক্ৰটোৰ লগত জড়িত সকল আৰক্ষীৰ জালত পৰিব বুলি কয় মহকুমা আৰক্ষী বিষয়া হীৰেন কুমাৰ ডেকাই।

Leave A Reply