Breaking

গোৱালপাৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্তক ফাচিৰ দাবীত তামুলপুৰত এবছুৰ জোৰ সমদল

0 27

তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই , গোৱালপাৰা জিলাৰ দুধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত আজি সন্ধি‌য়া জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মুল অভিযুক্ত ধন আলী, বাহাৰ আলী, ৰহমান আলীকে ধৰি আন দোষী সকলক ফাঁচি দিয়া, সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা, দুস্কৃতিকাৰীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা হিৰণ্ময়ী খাখলাৰীৰ নিকটাত্মীয়লৈ বিশ লাখ টকাৰ ক্ষতিপূৰণ দিয়া আৰু ধৰ্ষিতালৈ পাঁচ লাখ টকাৰ এককালীন সাহাৰ্য্য দিয়াৰ দাবীত ছাত্ৰ সংগঠনটোৱে তামুলপুৰৰ ৰাজপথত জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

কাৰ্যসূচীত অংশ গ্ৰহণকাৰী সকলে– এবছু জিন্দাবাদ, হত্যাকাৰীক ফাঁচি দিয়ক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, জনজাতিৰ ওপৰত আক্ৰমণ নচলিব, জনজাতিৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে তামুলপুৰৰ আকাশ বতাহ কপাই তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীটো তামুলপুৰৰ মটঙাচ’কত আৰম্ভ কৰি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে গোৰেশ্বৰ চকলৈ যায় আৰু গোৰেশ্বৰ চকৰ পৰা উভতি আহি মটঙাচ’কত সামৰণি মাৰে।প্ৰতিবাদী কাৰ্যসূচীত তামুলপুৰ জিলা এবছুৰ সাধাৰণ সম্পাদক মিলোনিয়াৰ বড়ো, উপ সভাপতি ফুকন বড়ো , তামুলপুৰ জিলা বড়ো সাহিত্য সভাকে আদিকে ধৰি শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

Leave A Reply