দিছপুৰ, ১১ ফেব্ৰুৱাৰী, ২০২৫: Minister Ranjit Kumar Das । অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গোৱালপাৰা জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এমজিএনআৰইজিএ (MGNREGA), প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আদি আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ সময়সাপেক্ষ ৰূপায়ন নিশ্চিত কৰিবলৈ বিষয়াসকলক কঠোৰ নিৰ্দেশনা প্ৰদান কৰে। বৈঠকত গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মৃগাংক চৌধুৰীৰ লগতে বিভিন্ন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাকাইটাৰীত অৱস্থিত শ্ৰীশ্ৰী নিৰঞ্জন মহাপ্ৰভুৰ পীঠত আয়োজিত পাল নামৰ সোনালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাত অংশগ্রহণ কৰে। তাত গুৰুজনাৰ ১০১ টা কলাৰ বিষয়ত বক্তব্য প্ৰদান কৰি শ্ৰীমন্ত শংকৰদেৱৰ বৃহত্তৰ অসমীয়া জাতি গঠনত অৱদানৰ কথা স্মৰণ কৰে।

তেওঁ লগতে গোৱালপাৰাৰ শ্ৰীশ্ৰী সূৰ্যপাহাৰ মহাপীঠস্থান পৰিচালনা সমিতিৰ দ্বাৰা মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত উৎসৱৰ অন্তৰ্গত গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ‘সাহিত্যম: শ্ৰীসূৰ্যপাহাৰৰ ইতিহাস আৰু ঐতিহ্য’ শীৰ্ষক ড° পৰিতোষ চক্ৰৱৰ্তী আৰু ড° ভৱেশ দাস সম্পাদিত গ্ৰন্থখনৰো আনুষ্ঠানিক উন্মোচন কৰে।

মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলাৰ ঐতিহ্যবাহী ধৰ্মীয় আৰু সাংস্কৃতিক পৰিসৰৰ অধিক উন্নয়নৰ প্ৰয়োজনীয়তা উল্লেখ কৰি সংশ্লিষ্ট সকলক সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।
