গৌৰীপুৰ বালাজান বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূর্ণৰূপে জুইত ভস্মী হয় ন (৯) খনকৈ দোকান ৷ ৰাতি আনুমানিক ১২ বজাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। পাণদোকান, ফলৰ দোকান, হোটেল, মোবাইলৰ দোকান হাৰ্ডৱেৰৰ দোকানকে ধৰি মুঠ ৯ খন দোকানৰ ৪০ (চল্লিশ) লক্ষাধিকৰো অধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হোৱাৰ লগতে বহু নথিপত্ৰ জুইত জাহ যায় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হৈছিল এতিয়ালৈকে জানিব পৰা নাই।
অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকৰ প্ৰচেষ্টাত আৰু তিনিখন কৈ অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগ জুই নুমাবলৈ সক্ষম হয়। একমাত্ৰ উপাৰ্জনৰ একমাত্ৰ পথ দোকান ঘৰখন জুইত জাহ যোৱাত পিছতে দোকানী সকলে ভাগি পৰিছে। উপায়ন্তৰ হৈ চৰকাৰ তথা স্থানীয় বিধায়কৰ ওচৰত সহায় বিচাৰিছে। চৰকাৰ তথা স্থানীয় বিধায়কে ক্ষতিগ্ৰস্ত দোকানী তথা পৰিয়ালৰ ওপৰত কি পদক্ষেপ লয় সেয়া হব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়।
গৌৰীপুৰৰ পৰা জামানুৰ ৰহমানৰ প্ৰতিবেদন