চীনা ঋণ এপ : বাংগালুৰুত ৰেজৰপে, পেটিএম, কেছফ্ৰীত তালাচী ইডিৰ

প্ৰৱৰ্তন সঞ্চালকালয়ে শনিবাৰে কৈছিল যে চীনা ব্যক্তিসকলৰ দ্বাৰা “নিয়ন্ত্ৰিত” তাৎক্ষণিক এপ-আধাৰিত ঋণত অনিয়মৰ অভিযোগত বাংগালুৰুৰ ৰেজৰপে, পেটিএম আৰু কেছফ্ৰীৰ দৰে অনলাইন পেমেণ্ট গেটৱেৰ ছয়টা চৌহদত অভিযান চলায়। শুকুৰবাৰৰ পৰা  আৰম্ভ হোৱা তালাচী এতিয়াও চলি আছে। ইডিয়ে  আজি  কয় যে অভিযানৰ সময়ত “এই চীনা ব্যক্তি নিয়ন্ত্ৰিত প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়িক পৰিচয় পত্ৰ আৰু বেংক একাউণ্ট”ত ৰখা ১৭ কোটি টকা জব্দ কৰা হয়। ৰেজৰপে আৰু কেছফ্ৰীয়ে ইডিৰ তালাচীৰ প্ৰসংগত কয় যে তেওঁলোকে ইডিৰ সৈতে সহযোগিতা কৰি আছে। আনহাতে পেটিএমে  এই বিষয়ত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। কেছফ্ৰী পেমেণ্টে কৈছে যে তেওঁলোকৰ অপাৰেচন আৰু অন-বোৰ্ডিং প্ৰক্ৰিয়াবোৰে পিএমএলএ আৰু কেৱাইচি নিৰ্দেশনা মতে কৰা হৈছে, আৰু আমি অব্যাহত ৰখা হব।কোম্পানী কেইটাৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপৰাধী ধাৰাৰ অধীনত তদন্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি  কোম্পানীবোৰে  ফোনত এই এপবোৰ ডাউনলোড কৰাৰ সময়ত ঋণ লওঁতাৰ সকলো ব্যক্তিগত তথ্য আহৰণ কৰিছিল। অলপতে গ্ৰাহকৰ  সুৰক্ষাৰ কথা  চিন্তা কৰি গুগলে ভাৰতত ইয়াৰ প্লে ষ্টোৰৰ পৰা এতিয়ালৈকে প্ৰায় ২০০০ টা ব্যক্তিগত ঋণ এপ আঁতৰাই দিছে। গুগলে প্ৰকাশ কৰা মতে  ২০০০ এপেৰ ভিতৰত  ঋণ দিয়া এপৰ সংখ্যা আধাতকৈও বেছি। বছৰটোৰ আৰম্ভণিৰ পৰা  এনে এপ আঁতৰ কৰাৰ কথা গুগলে চিন্তা কৰি আছিল। ভুৱা এপবোৰৰ জৰিয়তে দুষ্ট চক্ৰই মানুহক ঋণ প্ৰদানৰ নামত প্ৰতাৰণা কৰি অহাৰ অভিযোগতে তেনে এপসমূহ বন্ধ কৰি দিয়া হৈছে বুলি গুগলে প্ৰকাশ কৰিছে । ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ঋণ লওঁতাসকলক ব্লেকমেইল আৰু প্ৰতাৰণা কৰাৰ  অভিযোগ পোৱাৰ পিছতে অনিয়ন্ত্ৰিত ঋণ প্ৰদানৰ কাৰ্যকলাপ নিষিদ্ধ কৰাৰ বাবে এক নিৰ্দেশনা দিছিল। ইয়াৰ পিছতে  গুগলে ভাৰতত ঋণ দিয়া এপবোৰৰ সৰহ সংখ্যকেই বন্ধ কৰাৰ বিষয়ত মনোনিৱেশ কৰে।গুগল এছিয়াৰ জ্যেষ্ঠ সঞ্চালক আৰু ন্যাস আৰু সুৰক্ষাৰ মুৰব্বী চৈকত মিত্ৰই কয় যে এনে এপবোৰে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ বাবে বিপদাশংকাৰ সৃষ্টি কৰিছে, সেয়েহে কোম্পানীটোৱে  সেইবোৰ আঁতৰাবলৈ সিদ্ধান্ত লৈছিল। মিত্ৰই লগতে প্ৰকাশ কৰে যে যেতিয়া এপবোৰ গুগল প্লে ষ্টোৰত আপলোড কৰা হয়, সেইবোৰ পুনৰীক্ষণ কৰা হয়, কিন্তু ঋণ এপৰ ক্ষেত্ৰত বহুতো অপৰাধমূলক কাৰ্যকলাপৰ  তথ্য পোৱা গৈছিল।  কিছুমান ব্যক্তিগত ঋণ এপৰ দ্বাৰা ঋণ গ্ৰহণ কৰি বহু লোক প্ৰতাৰিত হোৱা বুলিও তেওঁ কয়। মিত্ৰই লগতে কয়  যে ভাৰতত বৰ্তমান চৰকাৰৰ দ্বাৰা অনুমোদিত এপৰ অভাৱ আছে। ক্ষতিহীন যেন লগা ঋণ এপবোৰেও ব্যৱহাৰকাৰীসকলৰ বাবে বিপদাশংকা সৃষ্টি কৰিব পাৰে।

Related Articles