Breaking

চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত অনুশীলন অভিবিন্যাস অনুষ্ঠান সম্পন্ন

0 21

জালুকবাৰী ,২ আগষ্ট : গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষ (IQAC)ৰ উদ্যোগত আজি নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ – ছাত্ৰীসকলৰ উদ্দেশ্যে এটা অভিবিন্যাস অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বন্দনা সন্দিকৈয়ে ।

মহাবিদ্যালয়ৰ IQAC ৰ সমন্বয়ক ডঃ নীলাক্ষি দেৱীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ পৰিচয় দাঙি ধৰে । ডঃ নবনীতা গোস্বামীয়ে মহাবিদ্যালয়ৰ বিভিন্ন কমিটিৰ বিষয়ে অৱগত কৰে। আনহাতে সভাত ডঃ অৰুন্ধতী গোস্বামীয়ে প্ৰজেক্টৰৰ সহায়ত নতুন পাঠ্যক্ৰম আৰু FYUGP ছিলেবাচৰ বিষয়ে অবগত কৰে আৰু ডঃ হৃদয়ানন্দ তামুলী ফুকনে যোগ বিভাগৰ বিষয়ে ছাত্ৰ- ছাত্ৰীসকলক অৱগত কৰে ।

Leave A Reply

Your email address will not be published.