Breaking

ছিপাঝাৰত ৰেমলৰ প্ৰভাৱ ; কথমপি শিশুসহ তিনিজনৰ প্ৰাণৰক্ষা

0 13

অন্যান্য ঠাইৰ লগতে দৰঙৰ ছিপাঝাৰতো আজি ৰেমলৰ প্ৰভাৱৰ বাবে ৰাইজৰ বিস্তৰ ক্ষতি সাধন ঘটে।ঠায়ে ঠায়ে সৰু- বৰ গছ গছনি উভালি পেলোৱাৰ লগতে ঘৰ দুৱাৰ আদিৰো ক্ষতি সাধন কৰে।ছিপাঝাৰৰ হাজৰিকাপাৰা শ্বেতমদাৰ গাঁৱত এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহত প্ৰকাণ্ড গছ উভালি পৰাত তিনিজনীয়া পৰিয়ালটি কথমপি ৰক্ষা পৰা বুলি প্ৰকাশ।জানিব পৰা মতে গছ উভালি পৰা সময়ত ঘৰৰ ভিতৰতে আছিল পৰিয়ালটো।


একেবাৰে দুখীয়া তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা তিনিজনীয়া পৰিয়ালটোৰ এনে অৱস্থা দেখি সকলোৱে উদ্ধাৰ কৰিবলৈ দৌৰা দৌৰি কৈ আহি সহায় কৰা বুলি প্ৰকাশ। ইফালে বিভিন্ন ঠাইত গছ উভালি পৰাৰ বাবে বিদ্যুৎ যোগান নিশাৰে পৰা ব্যাঘাত হৈ থকাত ৰাইজ আন এক অসুবিধাত পৰিবলগীয়া হৈছে ।

Leave A Reply