Breaking

জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ লগতে আলোক প্ৰভঞ্জনৰ উদ্যোগত বৃহত্তৰ উত্তৰ গুৱাহাটীত গছপুলি বিতৰণ

0 40

সমগ্ৰ বিশ্বতে পৰিবেশ প্ৰদুষণৰ বাবে আজিৰ দিনটোত বিশেষ গুৰুত্ব প্ৰদান কৰি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। বিশ্বৰ পৰিবেশ বিশেষ কৈ গ্লোবেল ৰাৰ্মিংৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ সমগ্ৰ বিশ্বতে আজি বিভিন্ন কাৰ্যসূচী পালন কৰাৰ লগতে ৰাইজক সজাগ আৰু সচেতন কৰি তোলা হয়। আজি সমগ্ৰ উত্তৰ গুৱাহাটীত জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ লগতে আলোক প্ৰভঞ্জনৰ উদ্যোগত প্ৰায় দুশৰো অধিক মূল্যবান গছ পুলি ভ্ৰাম্যমাণ ভাৱে বিতৰণ কৰা হয়। জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথ আৰু উপ-সভাপতি অমিতাভ বৰুৱাৰ উপস্থিতিত আজি বিশ্ব পৰিবেশ দিৱসৰ দিনটোত এই গছপুলি সমূহ বিতৰণ কৰা হয়।

গছ পুলি বিতৰণ কৰি সভাপতি কুমুদ নাথে উল্লেখ কৰে যে গছক বাদ আমি কোনো জীৱকুলেই জীয়াই থকাটো সম্ভৱ নহয়।লগতে উল্লেখ কৰে প্লাষ্টিক মুক্ত পৰিবেশ আমি সৃষ্টি কৰিব‌ই লাগিব এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আজি আমি অনাগত ভৱিষ্যতৰ কথা চিন্তা কৰি এই পদক্ষেপ হাতত লৈছো।আজি ক্ৰমান্বয়ে সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশেষ কৈ গৰমৰ উত্তাপ বাঢ়িবলৈ লৈছে। প্ৰকৃতিৰ এই ভাৰসাম্যৰ অভাৱৰ সৃষ্টি হোৱাৰ মূল কাৰণটোই হৈছে আমি পাহাৰ ,গছ গছণি ধ্বংস কৰিছো। সকলোৱে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি পৰিবেশ প্ৰদুষণ মুক্ত এখন বিশ্ব সৃষ্টি কৰাত আগবাঢ়ি আহি ভৱিষ্যতে জীৱকুলৰ সুৰক্ষা প্ৰতি দায়বদ্ধ হোৱা উচিত।আজিৰ এই কাৰ্যসূচীত ৰূপজ্যোতি পাঠক আৰু সুমণ শৰ্মাও উপস্থিত থাকে।

Leave A Reply