Breaking

জনজাতীয় স্বায়ত্তশাসিত পৰিষদবোৰে ৰাজহ সংগ্ৰহত ব্যৰ্থ হৈছেঃ মন্ত্ৰী ডাঃ পেগুঃ গোগামুখত কোটি টকীয়া ভৱনৰ উদ্বোধন

0 36

অসম চৰকাৰে সকলো জাতি-জনজাতিৰ উন্নয়ৰ নিৰন্তৰভাৱে কাম কৰি গৈছে ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অক্লান্ত পৰিশ্ৰম আৰু কাম কৰাৰ তীব্ৰ স্পৃহাৰ বাবে আজি অসমৰ উন্নয়ন অসমৰ প্ৰতিটো শ্ৰেণীৰ নাগৰিকে উপভোগ কৰিবলৈ পাইছে ৷ মিচিং স্বায়ত্তশাসিত পৰিষদ হৈছে অসম চৰকাৰৰে এটা অংশ ৷ ইয়াতো উন্নয়নমূলক কাম যথেষ্ট হৈছে ৷ কিন্তু নিজাববীয়াকৈ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পৰিষদখন ব্যৰ্থ হৈছে ৷ আনকি অসমৰ কোনো এখন স্বায়ত্তশাসিত পৰিষদে ৰাজহ সংগ্ৰহৰ সফলতা লাভ কৰা নাই ৷ এই মন্তব্য অসম চৰকাৰৰ ভৈয়াম জনজাতি, অন্যান্য পিছপৰা দপ্তৰ তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ ধেমাজি জিলাৰ গোগামুখ চিলিমপুৰস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ  কাৰ্যবাহী সদস্যসকলৰ নৱ নিৰ্মিত ভৱনটি উদ্বোধন কৰি তেওঁ এইদৰে কয় ৷ তেওঁ কয়- অসম চৰকাৰে ইতিমধ্যে এক শকত পৰিমাণৰ ধন মিচিং পৰিষদলৈ মুকলি কৰি দিছে ৷

চৰকাৰৰ শিক্ষা বিভাগৰ পৰা ১৩ কোটি টকাৰ বিশেষ পূঁজি শিক্ষা উন্নয়নৰ বাবে সুকীয়াকৈ পৰিষদক দিয়া হৈছে ৷ কিন্তু পৰিষদে এই ধন খৰচ কৰোঁতে সাৱধান হ’ব লাগিব যাতে উটি যাবলগীয়া বা বাতিল কৰিবলগীয়া বিদ্যালয়ত এই ধন  খৰচ কৰা নহয় ৷  তেওঁ লগতে কয়- অসম চৰকাৰে প্ৰতিটো বুধবাৰে কেবিনেট বহায় ৷ সঘনাই কেবিনেট বহিলে কামৰ গতি তৰান্বিত হৈ আৰু কামবোৰ শৃংখলাবদ্ধ হয় ৷ মিচিং স্বায়ত্তশাসিত পৰিষদেও তেওঁলোকৰ কামবোৰ তৰান্বিত কৰিবলৈ সঘনাই আলোচনাত বহিবলৈ তেওঁ আহ্বান জনায় ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই কয়- কাৰ্যবাহী সদস্য ভৱনটো মূলতঃ পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ বাবে নিৰ্মাণ কৰা হৈছে ৷ দূৰ- দূৰণিৰ পৰা পৰিষদৰ কাৰ্যালয়লৈ অহা কাৰ্যবাহী সদস্যসকলে তেওঁলোকৰ কামৰ গতি দ্ৰুত কৰাৰ লগতে গোগামুখত থাকিয়ে যাতে ৰাইজক সেৱা কৰিব পাৰে তাৰ বাবে কাৰ্যবাহী সদস্যৰ ভৱনটো নিৰ্মাণ কৰা বুলি তেওঁ দোহাৰে ৷  তেওঁ পৰিষদৰ ৰাজহ সংগ্ৰহ সন্দৰ্ভত  মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দিয়া বক্তব্য সন্দৰ্ভত কয়- তেওঁ মন্ত্ৰী পেগুৱে আমাক ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিবলৈ কোৱাৰ লগতে ৰাজহ সংগ্ৰহ কৰিব পৰা কামত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছে ৷  কিন্তু আমি কাৰ্যভাৰ হাতত লোৱাৰ পৰাই ৰাজহ সংগ্ৰহ কৰি আহিছোঁ ৷ বিগত বৰ্ষত আমি পৰিষদৰ এলেকাৰ পৰা ৮৬ লাখ টকা ৰাজহ সংগ্ৰহ কৰাৰ বিপৰীতে চলিত বৰ্ষত ১ কোটি ৭৬ লাখ টকা ৰাজহ সংগ্ৰহ কৰাটো নিশ্চিত হৈছে বুলিও তেওঁ দোহৰে ৷  উল্লেখনীয় যে, গোগামুখ চিলিমপুৰস্থিত পৰিষদৰ কাৰ্যবাহী সদস্য ভৱনটি যঁজা আকৃতিৰে তিনিমহলীয়াকৈ পৰিষদৰ পূঁজিৰে নিৰ্মাণ কৰা হৈছে ৷ ৩ কোটি ২৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটিৰ নিৰ্মাণৰ দায়িত্বত আছিল পৰিষদৰ অভিযন্তা লুইত পাংগিং আৰু ঠিকাদাৰ দিলীপ পেগু ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত  থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু প্ৰমূখ্যে পৰিষদৰ কাৰ্যবাহী, সাধাৰণ সদস্যসকলে ৷

Leave A Reply