Breaking

জনপ্ৰতিনিধিয়েই নহয়,তেওঁ যেন জয়দ্বীপৰ বাবে ভগৱান স্বৰূপ

0 24

জনপ্ৰতিনিধিয়েই নহয়,তেওঁ যেন জয়দ্বীপৰ বাবে ভগৱান স্বৰূপ। দায়িত্ব কি তেওঁ বুজি পায়?আজিৰ পৰা প্ৰায় তিনি মাহ পূৰ্বে হঠাতে এদিন দৰং-ওদালগুৰি জিলাৰ সীমামূৰীয়া অঞ্চল বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত আহি উপস্থিত হয় টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে। অৰুপ কুমাৰ দে বিৰেন্দ্ৰ নগৰ আশ্ৰমত উপস্থিত হৈ পাগল বাবাৰ প্ৰতিমূৰ্ত্তি দৰ্শন কৰি আশ্ৰমত থকা প্ৰায় ত্ৰিশ গৰাকী অনাথ শিশুৰ সৈতে মতবিনিময় কৰি ই এম গৰাকীয়ে সকলো অনাথ শিশুৰ দায়িত্ব লয়।কথাতে নহয় তাকে কামে কাজে প্ৰমাণ কৰি দিলে ই এম অৰুপ কুমাৰ দে।


পিতৃ মাতৃ হীনা বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ ছয় বছৰীয়া শিশু এজন বৃক্ক ৰোগত আক্ৰান্ত জয়দ্বীপ কাষত বৃহস্পতি বাৰে আবেলি আহি পাঁচ বজাত উপস্থিত হয় বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে৷কনমানিটিৰ কাষত থিয় হৈয়ে বি টি আৰৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দেই দেখুৱালে মহানুভৱতা৷বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত লালিত পালিত হোৱা পিতৃ -মাতৃ হীনা জয়দ্বীপ কাহত সাহস হিচাবে থিয় দিলে বি টি আৰৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে ৷বিগত কেইটামান দিনে এটা বৃক্ক নষ্ট হৈ যোৱাত আহাৰ খাব নোৱাৰা,পেট ফুলি যোৱা শিশু জয়দ্বীপ লৈ চিন্তিত হৈ পৰিছিল আশ্ৰম কতৃপক্ষ৷জয়দ্বীপক কেনেকৈ কৰিব চিকিৎসা,কেনেকৈ ঘুৰাই আনিব জয়দ্বীপৰ হেৰাই যোৱা হাঁহি।

জয়দ্বীপক উন্নত চিকিৎসা কৰাবলৈ আশ্ৰম খনৰো নাছিল পৰ্য্যাপ্ত অৰ্থ ৷সকলোৰে এটাই সম্বল,এটাই সাৰথি ভগৱান৷হঠাৎ শিশু জয়দ্বীপৰ খবৰ পায়ে কোকোৰাঝাৰ পৰা বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰম লৈ আহি বৃহস্পতি বাৰে আবেলি উপস্থিত হ’ল বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দে ৷দায়িত্ব ললে পিতৃ মাতৃ হীনা জয়দ্বীপৰ সম্পূৰ্ণ চিকিৎসাৰ ৷কথা মতেই কাম আশ্ৰমত উপস্থিত হৈয়েই জয়দ্বীপক উন্নত চিকিৎসাৰ বাবে গুজৰাটৰ আহমেদাবাদত শুক্ৰবাৰৰ ভিতৰতে লৈ যোৱৰ ব্যৱস্থা কৰি দিলে ৷
কাটি দিলে শিশু সহ তিনিজনৰ উৰাজাহাজৰ টিকট। দায়িত্ব কি বুজি পায় অৰুপ কুমাৰ দে।সুস্থ হওঁক জয়দ্বীপ,পোনৰ কনমানি শিশুটিৰ মুখত ফুটি উঠক হাঁহি এই আশা।
অৰুপ কুমাৰ দেৰ এই মহানুভৱতাক লৈ এতিয়া বৰঝাৰ আশ্ৰমত সৰব চৰ্চা।
সকলোৰে মুখত এতিয়া এটাই কথা চেলুৎ অৰুপ কুমাৰ দে—তুমি যি কৰিলা ভাল কৰিলা।

Leave A Reply

Your email address will not be published.