Breaking

জলবন্ধী পশ্চিম বৰবালাৰ-বালাৰভিঠাৰ ৰাইজ

0 13

প্লেন-ইষ্টিমেট মতে কাম নকৰা আৰু খৰাং দিনত যথোপযুক্ত মেৰামতি নকৰাৰ বাবেই বৰষুণ আৰু বানপানীত বুজা যায় ৰাস্তা-ঘাট আৰু নলা-নৰ্মদা নিৰ্মাণৰ বিসংগতি । সেই বিসংগতিমূলক নিৰ্মাণৰ বাবেই দুৰ্ভোগ ভোগে স্থানীয় জনসাধাৰণ। এয়া প্ৰতিবছৰৰেই নিত্য-নৈমিত্যিক পৰিঘটনা সমাজত । তেনেকুৱা এক বিসংগতিমূলক ৰাস্তা নিৰ্মাণৰ বাবেই নৱ গঠিত পাকাবেতবাৰী সমষ্টিৰ পশ্চিম প্ৰান্তত অৱস্থিত বৰবালা অঞ্চলত ৰাইজে দুৰ্ভোগ ভুগিছে । উল্লেখযোগ্য যে ¸ কেইবাদিনৰ নেৰানেপেৰা বৰষুণৰ ফলত বাৰিষাৰ সৃষ্টি কৰি পশ্চিম বৰবালাত প্ৰৱল বানৰ সৃষ্টি হৈছে । ইতিমধ্যে বানৰ প্ৰৱল সোঁতত ‘চাৰি চেইন ৰোড’ হিচাপে পৰিচিত ৰাস্তাটোৰ দুটা ঠাইত ছিঙি নিয়া পৰিলক্ষিত হৈছে । ৰাস্তাটোৰ আৰম্ভণিত মাটিয়া মছজিদৰ অলপ পশ্চিম ফালে কালি ৰাতি তীব্ৰ বানে খহাই দ খাৱৈ সৃষ্টি কৰাৰ লগতে পশ্চিম বৰবালা মছজিদৰ কাষতো বানৰ তীব্ৰতাই ৰাস্তা খহাই দ খাৱৈত পৰিণত কৰে ।

ফলত পশ্চিম বৰবালা,উত্তৰ জাৰাবাৰী, বালাৰভিঠাৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ ৰাস্তাটো দুটা মূৰ বানপানীয়ে ছিঙি নিয়াৰ ফলত জনসাধাৰণৰ লগতে স্কুলীয়া ছাত্র-ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে । এক কথাত এই অঞ্চলৰ ৰাইজ এতিয়া জলবন্ধী । আজি আবেলি ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে মাটিয়া মছজিদৰ কাষত বানপানীয়ে ছিঙি নিয়া ঠাইডোখৰ পৰিদৰ্শন কৰি জিলা প্ৰশাসনক অতিশীঘ্ৰে ‘চাৰি চেইন ৰোড’ৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । উল্লেখযোগ্য যে, স্বৰাজোত্তৰ কালৰেপৰাই এই অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে । সৰুক্ষেত্ৰী আৰু বৰপেটা সমষ্টিৰ সীমামূৰীয়া অঞ্চল হোৱা বাবেই কোনো জনপ্ৰতিনিধিৰেই গুৰুত্ব নাই এই অঞ্চলৰ জনসাধাৰণৰ প্ৰতি । বৰ্তমান পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত পশ্চিম বেতবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মাত্ৰ তিনি কিমি দৈৰ্ঘ্যৰ বৰবালা-কদমগুৰী চাৰি চেইন ৰাস্তাটোত ইতিমধ্যে তিনিবাৰকৈ তিনিটা আঁচনিৰ কাম হৈছে যদিও দুই কিলোমিটাৰ ৰাস্তাও এতিয়ালৈকে পকী হোৱা নাই । যিখিনি পকী হৈছিল সেইখিনিৰ অৱস্থাও বৰ্তমান কেঁচা ৰাস্তাতকৈ বহুত বেয়া । ইয়াৰোপৰি এই ৰাস্তাৰ দুয়োকাষে থকা মাটিৰ গৰাকীয়ে ক্ৰমান্বয়ে আহল-বহল ৰাস্তাটো দুয়োফালৰ পৰা ঠেক কৰা পৰিলক্ষিত হৈছে । ইফালে কদমগুৰী ঘাট চক বজাৰৰ দুয়োফালৰ পৰা মাটিৰ মালিকে ৰাস্তা ঠেক কৰাৰ অভিযোগ উঠিছে । পকী ৰাস্তাৰ পৰাই দুয়োকাষে দোকান-পোহাৰ নিৰ্মাণ কৰি ৰাস্তাত যান-যঁটৰ সৃষ্টি কৰিছে । সাধাৰণ পথচাৰীয়ে এইক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈছে । গাড়ী-মটৰ সমূহ ৰাস্তাতেই পাৰ্কিং কৰি বজাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । আনকি মানুহেও ৰাস্তাত থিয় হৈ বজাৰ-সমাৰ কৰিবলগীয়া হোৱাত বহুতো অসুবিধাৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰবালা, কদমগুৰী, বালাৰভিঠা অঞ্চলৰ সমাজ সচেতন ৰাইজে আহ্বান জনাইছে । সময়তহে দেখা যাব জিলা প্ৰশাসনে মাটিৰ গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে আৰু ৰাস্তাটো যাতায়াতৰ বাবে সুচল কৰিবলৈ তাৎক্ষণিকভাৱে কি ব্যৱস্থা গ্ৰহণ কৰে ।

Leave A Reply