বিবাহ হৈছে প্ৰতিজন ব্যক্তিৰ জীৱনৰ এক বিশেষ মুহূৰ্ত, কিন্তু কিছুমান লোকৰ বাবে, কেইদিনমানৰ পিছত বিবাহ বিৰক্তিকৰ হৈ পৰে। এনে পৰিস্থিতিত কেতিয়াবা স্বামী-পত্নীৰ মাজৰ এই সম্পৰ্ক সোনকালে অন্ত পৰে। ইয়াৰ বাবে কিছুমান বিশেষ আচৰণ আৰু সঙ্গীৰ বস্তু নিৰীক্ষণ কৰি বৈবাহিক সম্পর্ক কিমান দিন চলিব তাৰ উত্তৰ বিচাৰি উলিয়াব পাৰে।
যদি কাৰোবাৰ সঙ্গীয়ে বেছি সময় নিদিয়ে, যদি অনবৰতে আঘাত কৰি থাকে। লগতে পত্নী অথবা স্বামীৰ এজনে কথা পতাৰ পৰা বিৰত থাকে, যদি সময় অতিবাহিত কৰিব নিবিচাৰে আৰু যদিহে বিবাহ বিচ্ছেদৰ পিছত জীৱন কেনেকুৱা হয় কল্পনা কৰিবলৈ আৰম্ভ কৰে, তেন্তে সাৱধান হোৱাটো উচিত, কিয়নো এনে সময়তে বৈবাহিক সম্পর্কত ফাঁট মেলা আৰম্ভ হয়।
যদি সম্পৰ্কত কোনো সঙ্গীয়ে বিবাহ বিচ্ছেদ হোৱাৰ বিষয়ে কল্পনা কৰি আছে বা বিবাহ বিচ্ছেদ হোৱাটো সঠিক নে কি আৰু তাৰ পিছত জীৱনত কি পৰিৱৰ্তন আহে সেই বিষয়ে চিন্তা কৰা আৰম্ভ কৰিছে, তেনেহ’লে বিবাহ বিচ্ছেদ হোৱাৰ বাবে মনত কি চলি আছে সেয়া বুজি লোৱাটো ভাল। এনে পৰিস্থিতিত, সাৱধান হোৱা উচিত আৰু তেওঁৰ সৈতে মুকলিকৈ কথা পাতিব লাগে।
যদি সঙ্গীজনে নিজকে সৰ্বোচ্চ বুলি প্ৰমাণ কৰিব চেষ্টা কৰে আৰু সকলো কথা উচিত বুলি দেখুৱায়, লগতে যদি তেওঁ বুজাব চেষ্টা কৰি থাকে যে তেওঁৰ সংগীগৰাকী ভুল, একো নাজানে, তেন্তে বুজি উঠিব যে তেওঁৰ মনত নিশ্চয় কিবা চলি আছে। বিবাহ হৈছে এনে এক বন্ধন যে দুয়োজনে ইজনে সিজনৰ সৈতে বহুতো বিষয়ত মিলা-প্ৰীতি কৰি চলিব লগা হয়, ইজনে সিজনৰ অনুভূতিৰ যত্ন ল’ব লগা হয়। যদি কাৰোবাৰ সম্পৰ্কত এনে নহয় তেন্তে জানিব যে সম্পৰ্ক বিপদত আছে।
যদি বিয়া হোৱাৰ পিছতো কোনোবাই অকলশৰীয়া অনুভৱ কৰে, তেন্তে এয়া গভীৰ চিন্তাৰ বিষয়। যদি কাৰোবাৰ সঙ্গীয়ে আনজনে গোটেই দিনটো কি কৰি আছে সেই বিষয়ত গুৰুত্ব নিদিয়ে আৰু জীৱনত অকলশৰীয়া অনুভব কৰে, তেনেহ’লে ই এক বিপদৰ ঘণ্টা। এনেদৰে থাকিলে সম্পর্কৰ মাজত একেৰাহে দূৰত্ব বাঢ়ে।
যদি কাৰোবাৰ অভ্যাস আৰু সৰু বস্তুবোৰত সঙ্গীগৰাকীয়ে অশান্তি পাবলৈ ধৰে, তেনেহ’লে বুজি উঠিব লাগে যে সঙ্গীগৰাকী এই সম্পর্কত সৈতে সুখী নহয়। লগতে যিকোনো বিষয়তে কাজিয়া কৰি খং কৰি থাকিলে বুজিব লাগে যে সঙ্গীৰ সৈতে বেছি দিন থাকিব নিবিচাৰে।