Breaking

ডিফুত পূজাৰীৰ কামনাৰ বলি হল নাবালিকা কণ্যা

0 24

ডিফু আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি  পোহৰলৈ আহিছে ধৰ্ষণ কাণ্ডৰ দৰে  এক জঘণ্য কাণ্ড!  কলকাতা আৰু ধিঙৰ ধৰ্ষণ কাণ্ডৰ ঘটনাৰ কথা মাৰ নাযাওতে  ডিফুত সংঘটিত হল আন এক নাবালিকা ধৰ্ষণ কাণ্ড ৷এইবাৰ পূজাৰীৰ কামনাৰ বলি হল এগৰাকী দহ বছৰীয়া নাবালিকা কণ্যাৰ ৷ডিফুৰ বিৰলাত সংঘটিত হৈছে এই ঘটনা ৷ডিফুৰ আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি যোৱা ২২ আগষ্ট বৃহস্পতিবাৰে শেষ নিশা নাবালিকা গৰাকীৰ সৈতে সংঘটিত ধৰ্ষণ কাণ্ড৷হামৰেণৰ পৰা ডিফুৰ বিৰলাৰ ভুক্তভোগীৰ বাসগৃহত পূজা কাৰ্য সম্পন্ন  কৰিবলৈ আহিছিল ৪০  বছৰীয়া লম্পট পূজাৰী খনছিং ৰংহাঙ ৷

বৃহস্পতিবাৰে নিশা ২ মান বজাত নাবালিকা গৰাকীক শোৱাপাটীৰ পৰা উঠাই নি ঘৰৰ ভিতৰতে সংঘটিত কৰিছিল ধৰ্ষণ

কালি নাবালিকা গৰাকীয়ে বিদ্যালয়ৰ পৰা ঘূৰি আহি পেটৰ বিষত ৰব নোৱাৰি পিতৃ- মাতৃক অৱগত কৰিছিল পূজাৰীৰ কু কৰ্মৰ কথা

ইতিমধ্য কু কাণ্ড সংঘটিত কৰি লম্পট পূজাৰী ভুক্ত ভোগীৰ ঘৰৰ পৰা ওলাই গৈছিল যদিও পূজাৰী গৰাকীক ধৰি আনিবলৈ সক্ষম হয় ৷

লম্পট পূজাৰীক উত্তম মাধ্যম সোধাই ডিফু আৰক্ষীক চমজাই দিয়ে ভুক্ত ভোগীৰ পৰিয়ালে ৷

বৰ্তমান ধৰ্ষণকাৰী পূজাৰী ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷

এই সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে ডিফু থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷

ইয়াৰোপৰি ডিফু থানাৰ দিন পঞ্জীত ২৫/২০২৪ নম্বৰত  দৰজ দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Leave A Reply

Your email address will not be published.