গুৱাহাটী, ২০ মাৰ্চ: himanta biswa sarma । কেবিনেট বৈঠকৰ পাছত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাখনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে। মুখ্যমন্ত্রীগৰাকীয়ে নামৰূপত ইউৰিয়া আৰু এম’নীয়া প্ৰকল্প বাস্তৱায়নৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জ্ঞাপন কৰে। এই বৃহৎ উদ্যোগত ভাৰত চৰকাৰে ৬০% আৰু অসম চৰকাৰে ৪০% অংশীদাৰিত্ব গ্ৰহণ কৰিব। লগতে, ভাৰত চৰকাৰৰ চাৰিটা সংস্থাও এই প্ৰকল্পত লগানি কৰিব ।
মুখ্যমন্ত্রী শৰ্মাই মৰাণ জনগোষ্ঠীৰ বিষয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথাও ব্যক্ত কৰে। তেওঁ কয়, “অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত মৰাণ জনগোষ্ঠীৰ লোক বাস কৰে, কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকক স্থায়ী নাগৰিকত্ব প্ৰদান নকৰে।” এই সমস্যাৰ স্থায়ী সমাধান নহওঁলৈকে মৰাণ জনগোষ্ঠীক অসমৰ PRC (Permanent Resident Certificate) প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ নকৰে। যদিও অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলে অসমৰ সংৰক্ষণ ব্যৱস্থাৰ সুবিধা তথা মেডিকেল, অভিযান্ত্রিক মহাবিদ্যালয়ত ভৰ্তিৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব ।
স্বাস্থ্য খণ্ডত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে, য’ত NHM (National Health Mission) ৰ কৰ্মী আৰু নাৰ্চসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হ’ব। ৰাজ্য চৰকাৰৰ চাকৰিত নিয়োগৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে বয়সৰ কোনো সীমা থাকিব নে নাই। লগতে, NHMৰ কৰ্মচাৰীৰ স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত অংশগ্ৰহণৰ সুযোগ থাকিব ।
কেবিনেট বৈঠকৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি গোৱালপাৰা অসামৰিক হাস্পতালৰ নামকৰণ শ্বহীদ নিধানুৰ ৰাম ৰাজবংশীৰ নামেৰে কৰা হ’ব। লগতে, অহা ৩১ মাৰ্চৰ পৰা প্ৰতিটো ৱেলনেছ চেণ্টাৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব।
মুখ্যমন্ত্রী শৰ্মাই ৰাজ্যৰ মদ দোকানসমূহৰ (Wine Shop) সময়সূচীৰো পৰিৱর্তন ঘোষণা কৰে। গুৱাহাটী মহানগৰত নিশা ২ বজালৈ আৰু ৰাজ্যৰ অন্যান্য জিলাত নিশা ১২ বজালৈকে মদ দোকান খোলা থাকিব। এই কেইবাটাও সিদ্ধান্তে ৰাজ্যবাসীৰ বাবে বঢ়ীয়া সুবিধা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।