Breaking

ডিব্ৰুগড়ত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইনফ্লু সংক্ৰমণ…

0 2,080

ডিব্ৰুগড়ত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইনফ্লু চিনাক্ত হৈছে।খোৱাং ন-খাট ৰাজ্যিক পশু চিকিৎসালয়ৰ অন্তৰ্গত ভোগালী পথাৰ গাঁৱত গাহৰিৰ ছোৱাইনফ্লু চিনাক্ত কৰিছে পশু বিভাগে।গাঁও খনৰ এজন গাহৰি পালকৰ ঘৰৰ পৰা লোৱা নমুনাত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে।আজি আফ্ৰিকান ছোৱাইনফ্লু পজিটিভ পোহৰলৈ অহাৰ পাছতে বিভাগে উক্ত বাসগৃহটোৰ এক কিলোমিটাৰ ব্যাৰ্সাদ্ধলৈকে ৪৮ টা গাহৰি বিভাগে বৈজ্ঞানিক পদ্ধতিৰে মৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।আনহাতে উক্ত স্থানৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গাহৰি অথবা গাহৰি মাংস কিনা বেচা নিষিদ্ধ কৰা হৈছে।লগতে বিভাগৰ নজৰত ৰখাৰ ব্যৱস্থা কৰিছে।পশু চিকিৎসকে জনোৱাৰ মতে আফ্রিকান ছোৱাইন ফিভাৰ ৰোগবিধত আক্ৰান্ত হলে গাহৰি ৯০ ৰ পৰা ১০০ শতাংশ পর্যন্ত মৃত্যুমুখত পৰে।

আনহাতে এই ৰোগবিধ অতি ক্ষিপ্ৰতাৰে ব্যাপক হাৰত সংক্রমিত হয়।আনহাতে এতিয়ালৈকে ইয়াৰ কোনো প্রতিষেধক ছিটা উদ্ভাৱন হোৱা নাই।অসমত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ আৰু সংক্রমণ আমাৰ ৰাজ্যখনৰ উজনি অসমৰ ধেমাজি, লক্ষ্মীমপুৰ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আদি কেইবাখনো জিলাত ভালে সংখ্যক গাহৰি মৃত্যুমুখত পৰিছিল। পশুপালন আৰু পশুচিকিৎসা বিভাগে বিষয়টো অতি গুৰুতৰ হিচাপে গণ্য কৰি বিভাগৰ তৰফৰ পৰা যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ৰোগ বিধৰ চূড়ান্ত কাৰক নিৰূপণৰ বাবে আক্রান্ত জিলা সমূহৰ পৰা মৃত গাহৰিৰ প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰি ভূপালস্থিত ৰাষ্ট্ৰীয় উচ্চ সুৰক্ষা পশুৰোগ নিৰূপণ প্রতিষ্ঠান (National Institute of High Security Animal Diseases) লৈ প্ৰেৰণ কৰি আহিছে।

Leave A Reply

Your email address will not be published.