ডিমৌত একেলগে বিয়ানাম গাব ১২ হেজাৰ মহিলাই,লক্ষ্য অসম বুক অৱ ৰেকৰ্ড। Assam Book of Records

দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা,ডিমৌ,২৫ মাৰ্চ: Assam Book of Records । শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াঙ্গনত অহা ৬ এপ্রিলত অসম বুক অৱ ৰেকৰ্ডচ’ত অন্তৰ্ভুক্তৰ বাবে ১২ হেজাৰ মহিলাই একেলগে বিয়া নাম পৰিবেশন কৰিব। ইতিমধ্যে এই বিশাল অনুষ্ঠানৰ বাবে আয়োজক সকলে প্ৰস্তুতি পূর্ণ গতিত কৰি তুলিছে।

সূৰুযমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত, ডিমৌ সন্মিলিত নাৰী সমাজ আৰু সমগ্র শিৱসাগৰবাসীৰ সহযোগত ১২ হেজাৰ মহিলাৰ দ্বাৰা বিয়ানাম অনুষ্ঠানৰ লগত সংগতি ৰাখি উক্ত দিনা পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বিয়ানাম উদ্বোধন আৰু পৰিবেশন, বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হব।

এই অনুষ্ঠানত ৰাইজৰ উপস্থিত আৰু সহযোগিতা একান্তই কামনা কৰিছে আয়োজক সকলে।

Related Articles