Breaking

তিনিবছৰ ধৰি নিৰামিষ খাদ্য গ্ৰহণ কৰি আহিছে বিৰাট কোহলীয়ে! চিকেন-মাটন ত্যাগ কৰাৰ ৫টা অনন্য উপকাৰ…

0 50

নিজকে ফিট কৰি ৰাখিবলৈ বিৰাট কোহলীয়ে চিকেন-মাটন নহয় নিৰামিষ খাদ্য গ্ৰহণ কৰে। ক্ৰিকেটাৰগৰাকীয়ে প্ৰায় ৩ বছৰে নন-ভেজ খোৱা নাই। এজন খেলুৱৈয়ে নিজৰ খেলত ভাল প্ৰদৰ্শন কৰিবলৈ প্ৰচণ্ড ষ্টেমিনা আৰু ফিটনেছৰ প্ৰয়োজন। যাৰ বাবে তেওঁলোকৰ বাবে প্ৰটিনৰ বাবে পৰিপূৰক খাদ্যৰ লগতে কুকুৰা আৰু ছাগলী মাংস খোৱাটো প্ৰয়োজনীয় হৈ পৰে।

কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ২০২৪ চনৰ টি-২০ত বিস্ফোৰক প্ৰদৰ্শনৰ পিছত অৱসৰ লোৱা বিৰাট কোহলীয়ে ৩ বছৰ ধৰি সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰি আহিছে।যদি আপুনি অনুভৱ কৰে যে আপুনি ফিট হৈ থাকিবলৈ নন-ভেজ খাদ্যৰ প্ৰয়োজন, তেন্তে ইয়াত আপুনি নিৰামিষ খাদ্যৰ উপকাৰিতাৰ বিষয়ে জানিব লাগিব-

নিৰামিষ খাদ্যত সাধাৰণতে সংপৃক্ত চৰ্বি আৰু কলেষ্টেৰল কম থাকে, যিবোৰ হৃদৰোগৰ প্ৰধান বিপদজনক কাৰক। বৰঞ্চ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট থাকে। এই পুষ্টিকৰ উপাদানসমূহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, কলেষ্টেৰল হ্ৰাস কৰে আৰু ধমনীত প্লেক জমা হোৱাত বাধা দিয়ে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

আমিষ খাদ্যৰ তুলনাত নিৰামিষ খাদ্যত সাধাৰণতে কম কেলৰি আৰু কম চৰ্বি থাকে। ফল-মূল, শাক-পাচলি, দাইল আৰু গোটা শস্যৰে সমৃদ্ধ নিৰামিষ খাদ্যই আপোনাক অধিক সময়ৰ বাবে তৃপ্ত কৰি ৰাখে আৰু অস্বাস্থ্যকৰ খাদ্যৰ প্ৰতি লোভ কমায়। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয় আৰু মেদবহুলতাৰ সম্ভাৱনা হ্ৰাস পায়।

নিৰামিষ খাদ্য গ্ৰহণ কৰিলে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে, যেনে কলৰেক্টাল কেন্সাৰ।

Leave A Reply