দলগাঁৱৰ শিলবৰীৰ গড়কাপ্তানী পথৰ দুৰৱস্থা

এজাক বৰষুণৰ ফলত ৰাস্তাৰ মাজত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ।পথ নহয় যেন পুখুৰী হে । যমৰ যাতনাত ভুগিছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী সকল ।

কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।অচিৰেই পথছোৱা মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ ।

দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত শিলবৰী বজাৰৰ মাজেৰে পাৰ হৈ যোৱা এটা পথে জলাখলা খুৱাইছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী সকলক । উল্লেখযোগ্য যে এই পথটো ওৰাং চাৰিয়ালীৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূল পথ । প্ৰতেক বছৰে শ শ পৰ্য্যটক অহা যোৱা কৰে এই পথটোৰে ।

পথটোৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত, বিগত কেইবা বছৰ ধৰি পথটোৰ এই দূৰৱস্থাৰ বাবে পথটোৰে অহা যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হৈছে পৰ্যটকৰ লগতে স্থানীয় ৰাইজ । অচিৰেই পথচোৱা মেৰামতিৰ কৰি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ উচৰত দাবি জনাই স্থানীয় ৰাইজে ।

Related Articles