Breaking

দিন-দুপৰতে চাঞ্চল্যকৰ চুৰি ঘটনাঃ গাড়ীৰ আইনা ভাঙি লৈ গ’ল ৪ লাখ ৬০ হাজাৰ টকা

0 46

ধেমাজি নগৰৰ মাজমজিয়াত আজি দিন দুপৰতে গাড়ীৰ গ্লাছ ভাঙি গভাইত চোৰে লুটি লৈ গল ৪ লাখ ৬০ হাজাৰ টকা ৷ ধেমাজি চাৰিআলিস্থিত জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি বিয়লি সংঘটিত হয় এই চাঞ্চল্যৰ চুৰি কাণ্ডৰ ৷ ধেমাজিৰ প্ৰানদ্বীপ ভূঞা নামৰ এজন ব্যৱসায়ীয়ে ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাত টকাখিনি জমা দিবলৈ নিজা হুণ্ডাই AS-22-0382 নম্বৰৰ গাড়ীখনত টকাখিনি আনিছিল ৷ ইপিনে বেংকলৈ যোৱাৰ পূৰ্বে প্ৰাণদ্বীপ ভূঞাই টকাখিনি চিটত ৰাখি সন্মুখৰ দোকানত বজাৰ কৰিবলৈ যাওঁতেই দুৰ্বৃত্তই গাড়ীখনৰ গ্লাচ ভাঙি লুটি লৈ যায় সমুদায় ধন ৷

নগৰৰ মাজমজিয়াত দিনৰ ভাগত সংঘটিত এই চুৰি কাণ্ডই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰে ৷ পিছত আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যৱেক্ষণ কৰি তদন্ত অব্যাহত ৰাখে ৷ ইফালে এই সমগ্ৰ ঘটনা সমীপৰ দোকানৰ CCTV কেমেৰাত আৱদ্ধ হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে আৰু CCTV ভিজুৱেলে চোৰ চিনাক্ত কৰাত সক্ষম হব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ৷ ইফালে গাড়ীৰ গ্লাছ ভাঙি টকা লৈ উদ্বাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷

Leave A Reply