“দিব্য উপবন” প্ৰকৃতিৰ ৰূপ গুণৰ তত্ত্ব প্ৰকাশৰ প্ৰয়াস- ড° পীতাম্বৰ দেৱ গোস্বামী


নদীয়ে আনৰ উপকাৰৰ বাবে নিৰৱিচ্ছিন্ন ভাৱে যিদৰে বৈ আছে। গৰুৱে যিদৰে আনৰ উপকাৰৰ বাবে গাখীৰ দিয়ে ঠিক তেনেদৰে বৃক্ষই আনৰ উপকাৰ বাবে ফল দি আছে। মানুহৰ উপকাৰ কৰি আছে। ঠিক সেইদৰে অশেষ পূণ্যৰ বলত মানৱ জীৱন লাভ কৰে। এই মানৱ জীৱন তেতিয়াহে পূৰ্ণতা লাভ কৰিব যেতিয়া মানুহে আনৰ উপকাৰ সাধন কৰিব।


শ্ৰী শ্ৰী আউনীআটী সত্ৰ উত্তৰ গুৱাহাটী শাখা সত্ৰৰ সন্মুখত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি কীৰ্তন ঘোষাত লিপিবদ্ধ অসমৰ ৫০ বিধ আপুৰুগীয়া ফুলৰ সমাহাৰেৰে দিব্য উপৱন আৰ্হিত নিৰ্মাণ হ’বলগীয়া “দিব্য উপৱন” ৰ ফুলৰ পুলি ৰোপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে এইদৰে কয়। তেওঁ সাৰমৰ্ম বাখ্যা সহকাৰে ভাষণ প্ৰসংগত উল্লেখ কৰে যে দিব্য উপবন হল প্ৰকৃতিৰ ৰূপ গুণৰ তত্ত্ব প্ৰকাশৰ এক প্ৰয়াস।


অধ্যাপক প্ৰভাত শৰ্মাই আঁতধৰা অনুষ্ঠানত সত্ৰাধিকাৰ ড০ গোস্বামীয়ে সত্ৰৰ সন্মুখত থকা প্ৰায় ৮ বিঘা ভূমিত কোনো কংক্ৰীটৰ অট্টালিকা নিৰ্মাণ নকৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা এখন দিব্য উপৱন নিৰ্মাণৰ সপোণ বাস্তবায়িত কৰি আনন্দ প্ৰকাশ কৰে। সত্ৰাধিকাৰ গৰাকীয়ে লগতে কয় যে এই “দিব্য উপৱন ” ৰ সমান্তৰালভাৱে এখন নাৰ্চাৰী নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত পৰিবেশন সুৰক্ষা দিয়া ,প্ৰাকৃতিক সৌন্দৰ্য্য বৃদ্ধি কৰাৰ সমান্তৰালভাৱে উৎপাদন বৃদ্ধি কৰি উপাৰ্জনৰ পথ মুকলি হ’ব ।

সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে পুনৰ কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট কীৰ্তন ঘোষাত সন্নিৱিষ্ট পঞ্চাছ বিধ ফুলৰ লগতে অসমৰ পৰা হেৰাই যোৱা দুষ্প্ৰাপ্য ঔষধি,বনস্পতি,লতা,বিৰুধ,ত্বকসাৰ, বৃক্ষৰ প্ৰাকৃতিক প্ৰজাতি আৰু অসমৰ পৰম্পৰাগত ফল-ফুল, ঋতু কালিন ফুল লগতে এখনি বাটিকা (Nursery) এই দিব্য উপৱনত থাকিব।

এই বাটিকাত উপলব্ধ হ’ব শিৰিষ,সেউতী,তমাল,মালতী,লৱঙ্গ,বাগী,গুলাল,কৰৱী,বক,কাঞ্চন,চম্পক,শেৱালি,নেৱালি,পলাশ,পাৰলি, পাৰিজাত,যুতি,জাই,বকুল,বন্দুলী,কনৌৰ,কনাৰী,কদম্ব,বাবৰী,নাগেশ্বৰ,সিংহচম্পা,অশোক,দেৱনা,মন্দাৰ,মনিৰাজ,ৰাজচম্পা,কোণ্ডা,কঙ্ক,কুৰুবক,কেতেকী,তগৰ,গুটিমালী,ভেণ্টি,ৰেৱতী,মৰুৱা,মধাই, ধুস্তুৰ,চন্দন,অগৰু,
দেৱদাৰু,পদ্মবচি,কমল, কল্পতৰু,ভেট,উতপল ।


ইতিমধ্যে ২৫ বিধ ফুলৰ অসমৰ বুকুৰ পৰা হেৰাই গৈছে যদিও তেওঁ যিকোনো ত্যাগৰ বিনিময়ত হেৰাই যোৱা ফুল সমূহ অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা আনি হলেও এই দিব্য উপৱনত সংৰক্ষণ কৰাৰ সংকল্পৰ কথাও ৰাইজৰ মাজত ব্যক্ত কৰে। এই দিব্য উপৱনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মন মাধুৰ্য্যৰ উপবন খনিক বাস্তৱত ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে এই দিব্য উপৱন খনিৰ সৃষ্টিত সকলো ৰাইজৰ সহায়-সহযোগ কামনা কৰে।


সভাত বৃক্ষ বন্ধু লীলা হাজৰিকাই সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ লৈ গছ গছনি আমাক কিয় প্ৰয়োজন হয় এটি সুন্দৰ কবিতাৰে উপস্থিত ৰাইজক বুজাই দিয়ে। অনুষ্ঠানত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকা, সমাজকৰ্মী দ্বয় গৌৰী কান্ত কাকতি আৰু ভূপেন সোণোৱালৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ দি সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ লয়।

অনুষ্ঠানত সমাজকৰ্মী থানেশ্বৰ শৰ্মা, উৎপল বৰা ( নৰেন বৰা) পাৰ্থ প্ৰতীম বৰকাকতি, শম্ভুৰাম ঠাকুৰীয়া,উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ সহকাৰী সম্পাদক উৎপল তামুলী, সাংবাদিক জয়ন্ত ডেকা উত্তৰ গুৱাহাটী ভালেসংখ্যক লোক উপস্থিত থাকে। আজি দিব্য “উপৱন ” ৰ ফুলৰ পুলি ৰোপনৰ শুভাৰম্ভ কাৰ্য্যসূচীত সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীৰ লগতে বৃক্ষ বন্ধু লীলা হাজৰিকা, সেউজ বন্ধু দিপক বৰুৱা, অধ্যাপক প্ৰভাত শৰ্মা উপস্থিত সকলোৱে একুটিকৈ ফুলৰ পুলি ৰোপন কৰে। অনুষ্ঠানত বৃক্ষ বন্ধু লীলা হাজৰিকা, সেউজ বন্ধু দিপক বৰুৱা আৰু অধ্যাপক প্ৰভাত শৰ্মাক সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Articles