৩০ জানুৱাৰী, ২০২৫ঃ Chief Minister Dr. Himanta Biswa Sarma ।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বসবাস কৰা অসমীয়াৰ সৈতে এক বিশেষ মত বিনিময় সভাত অংশগ্ৰহণ কৰে। দিল্লীৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত এই সভাত মুখ্যমন্ত্ৰীয়ে অসমৰ গৌৰৱশালী সংস্কৃতি, পৰম্পৰা, আৰু ভৱিষ্যত সম্ভাৱনাসমূহৰ বিষয়ে ভাষণ দিয়ে।
তেওঁ কয়, “ অতিত অসমে দিল্লীৰ ওপৰত নিৰ্ভৰশীল আছিল । এতিয়া অসমে দিল্লীক দিয়াৰ চিন্তা কৰিছে !” আমাৰ মাটিৰ বৈভৱ, ধান, চাহ, বন্তি, আৰু সংস্কৃতিৰ লগতে অসমৰ প্ৰাকৃতিক সম্পদৰ, বিশেষকৈ গেছ আৰু তেলৰ জৰিয়তে ভাৰতৰ জ্বালানী ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই আহিছে।” মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমৰ তেল আৰু প্ৰাকৃতিক গেছ ভাৰতৰ অৰ্থনীতিৰ মজবুত খুঁটি হিচাপে পৰিগণিত।
মুখ্যমন্ত্ৰীয়ে অসমৰ গেছ পাইপলাইন আৰু তেলৰ প্ৰসাৰ সম্পৰ্কে কথা পাতি কয় যে এই উদ্যোগসমূহ দিল্লীসহ সমগ্ৰ ভাৰতৰ প্ৰগতিৰ বাবে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। অসমৰ পৰা প্ৰেৰণ হোৱা তেল আৰু গেছৰ যোগান দিল্লীৰ মেট্ৰো, যানবাহন, আৰু বিভিন্ন উদ্যোগত ব্যৱহৃত হয়, যি দেশৰ অৰ্থনীতিৰ গতিশীলতাক তীব্ৰ কৰে।
সভাখনত মুখ্যমন্ত্ৰীয়ে দিল্লীৰ অসমীয়া সমাজৰ সৈতে মত বিনিময় কৰি অসমীয়াৰ সংস্কৃতি সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। লগতে তেওঁ কয়, “অসমীয়াৰ মনোবল আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ সংযোগৰ জৰিয়তে অসম আৰু দিল্লীৰ মাজত এক মজবুত বন্ধন স্থাপন কৰিব পাৰি।”
এই মত বিনিময় সভা দিল্লীৰ অসমীয়াসকলৰ মাজত এক নতুন উদ্দীপনা আনিছে। উপস্থিত সকলোৰে মাজত মুখ্যমন্ত্ৰীয়ে অসমক দিল্লীৰ লগতে ভাৰতৰ উন্নয়ন পথত মুকলি কৰা এক সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে দৰ্শাইছে।