Breaking

দীপৰ বিলৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে প্ৰকৃতিপ্ৰেমীক

0 19

আজাৰা , ২৪ আগষ্ট : বিশ্বৰ পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান লাভ কৰা তথা আন্তৰ্জাতিক ৰামচাৰ ছাইট হিচাপে পৰিগণিত ঐতিহ্যমণ্ডিত দীপৰ বিলখনৰ নান্দনিক সৌন্দৰ্যত বিমুগ্ধ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী জনগণ । বাৰিষাৰ সময়ত দীপৰ বিলৰ নান্দনিক সৌন্দৰ্যৰাজি উপভোগ কৰিবলৈ দৈনিক বিয়লিৰ পৰা দীপৰ বিলৰ পাৰত উপস্থিত হয় যথেষ্ট সংখ্যক দেশী-বিদেশী পৰ্যটক তথা প্ৰকৃতিপ্ৰেমী ।

কিন্তু দুখৰ বিষয় এয়ে যে ঐতিহ্যমণ্ডিত দীপৰ বিলখনৰ প্ৰাকৃতিক পৰিৱেশক কেন্দ্ৰ কৰি বিলখন অদ্যাপি পৰ্যটনৰ ক্ষেত্ৰলৈ উন্নীত নকৰিলে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে । ঐতিহাসিক তথ্য অনুসৰি আহোমৰ অসম আগমণৰ সময়ৰে পৰা ৰাণী ৰাজ্যৰ সৈতে দীপৰ বিলৰ এক পাৰস্পৰিক সম্পৰ্ক আছে । আনহাতে ভৌগোলিক দিশটো বিলখনৰ গুৰুত্ব অপৰিসীম । কিয়নো গুৱাহাটী মহানগৰীৰ সমীপৰ খাচী পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীভাগ আজাৰাৰ মাজেৰে বৈ যোৱা কালমণি নদীৰে বৈ গৈ দীপৰ বিলত পৰে । পাছত সেই অতিৰিক্ত পানীভাগ পুনৰ দীপৰ বিলৰ পৰা খানা নদীৰে ওলাই গৈ ব্ৰহ্মপুত্ৰত পৰে । তেনেক্ষেত্ৰত বিলখনৰ গুৰুত্ব সর্বাধিক ।

তদুপৰি যথেষ্টসংখ্যক থলুৱা প্ৰজাতিৰ মাছ-কাছ আৰু অতি মূল্যৱান জলজ উদ্ভিদেৰে পৰিপূৰ্ণ দীপৰ বিলখনক পৰ্যটনক্ষেত্ৰলৈ উন্নীত কৰিবলৈ স্থানীয় কেইবাটাও প্রকৃতিপ্রেমী দল-সংগঠনে সুদীর্ঘ বছৰ ধৰি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগক দাবী জনাই আহিছে যদিও পৰ্যটন বিভাগে বিলখনক উন্নীতকৰণৰ ক্ষেত্ৰত অদ্যাপি কোনো ধৰণৰ বিভাগীয় পদক্ষেপ গ্ৰহণ নকৰিলে । প্ৰতিবছৰে খৰালি কালত বিনন্দীয়া শোভাৰে পৰিৱেষ্টিত দীপৰ বিলৰ পাৰত বনভোজ খাবলৈ সমাগম ঘটে যথেষ্ট সংখ্যক বনভোজৰ দলৰ।

দীপৰ বিলৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়ন আৰু পৰিবেশ সংৰক্ষণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চই বিলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুত ৰাখি পৰ্যটকক আকৰ্ষণৰ বাবে বিলখনত কাশ্মীৰৰ ডাল লেকৰ আৰ্হিত নৌকাবিহাৰৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে পৰ্যটন বিভাগে যদি বিলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুত ৰাখি বিলখমত শব্দ আৰু যন্ত্ৰবিহীন নৌকাচালনাৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ইয়াৰ দ্বাৰা অধিক পৰ্যটক বিললৈ আহি নান্দনিক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে কিছুসংখ্যক স্থানীয় যুৱক – যুৱতীয়েও বিভিন্ন কামত নিয়োজিত হৈ আৰ্থিক ভাবে স্বাবলম্বী হব পাৰিব। ইফালে দীপৰ বিলৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ আৰু দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতি লিমিটেডৰ উপদেষ্টা প্ৰদীপ দাস, সভাপতি গোলক দাস ( ১) আৰু সাধাৰণ সম্পাদক গোলক দাসে ( ২ ) জানিবলৈ দিয়া মতে বিলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুত ৰাখি আৰু মাছমৰীয়া সকলৰ মাছ ধৰা কাৰ্য অকণো বিঘ্নিত নোহোৱাকৈ দীপৰ বিলক লৈ চৰকাৰে গ্ৰহণ কৰা সকলো ভাল কামতে তেওঁলোকে সহযোগিতা আগবঢ়াব বুলি সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.