দুমুনিচকীত বিনামূলীয়া গ্রীষ্মকালীন পাঠদানৰ আৰম্ভ…

দৰং জিলাৰ বৃহত্তৰ দুমুনিচকী অঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান মাৰুৱাচকী যুৱ একতা সংঘৰ উদ্যোগত আজি মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া গ্রীষ্মকালীন পাঠদান কাৰ্যসূচীৰ আৰম্ভণি হয়।

দুনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ৰাজেন চৌধুৰী সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক মধুৰামোহন নাথ,শিক্ষক জচিমুদ্দিন আহমেদ, বিশিষ্ট সমাজকৰ্মী পদ্মধৰ নাথ, বিজ্ঞান শিক্ষক বনজিৎ ডেকা,স্থানীয় সমাজকৰ্মী আলাউদ্দিন আহমেদ, প্ৰতিদিন টাইমৰ ছিপাঝাৰৰ সাংবাদিক মনোজ আলী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। মাৰুৱাচকী যুৱ একাতা সংঘৰ সক্ৰিয় সদস্য সমিৰ হুছেইনে আঁতধৰা সভাত স্থানীয় অভিভাবক সকলে সংঘৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

Related Articles