দুৰ্যোগত সুযোগৰ সন্ধান:বৰলুইতত উঠিছে খৰিৰ উজান


▫️ৰজনীকান্ত বৰদলৈ

বৰলুইতত খৰিৰ উজান উঠিছে।ভৰা লুইতত খৰিৰ উজান ধৰি দুৰ্যোগৰ মাজতো সুযোগৰ সন্ধান কৰিছে ছশটা পৰিয়ালে।মাজুলীৰ ঐতিহ্যপূৰ্ণ শালমৰা অসমৰ পৰ্যটন ক্ষেত্ৰৰ এটি পলাশ ৰঙীন ৰ’দৰ পৃষ্ঠা।চহকী মৃৎ শিল্পক জীৱন-জীৱিকাৰ প্ৰধান সম্বল হিচাপে লৈ বুকুত বৰলুইতক সাৱটি শালমৰাৰ ছশটা পৰিয়ালে যুগ যুগ ধৰি জীৱনৰ দুখ পাহৰি সংগ্ৰাম চলাই আহিছে।

ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় বিশ ফুট গভীৰ গাঁতৰ পৰা কষ্টসাধ্যভাৱে খান্দি উলিওৱা কুমাৰ মাটি খচি-পিতি পিতনিৰে পিতি মহিলা সকলে প্ৰস্তুত কৰি উলিয়াই সুগঢ়ী মাটিৰ পাত্ৰ।এই পাত্ৰ কৰ্মঠ কুমাৰে পেঘালিৰ জুইত পুৰি পকাবলৈ বৃহৎ পৰিমাণৰ কাঠ খৰিৰ প্ৰয়োজন হয়।বাৰিষা ফেনে-ফোটোকাৰে উফন্দি উঠা নদীৰ ঢলৰ সমানে সমানে শালমৰাত খৰিৰ উজান উঠে।পাহাৰৰ পৰা উটি অহা খৰি-কাঠ ধৰা কাৰ্যত অঞ্চলটোৰ প্ৰতিটো পৰিয়ালৰে ডেকা-বুঢ়া,যুৱক-যৱতী ব্যস্ত হৈ পৰা দেখা যায়।সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাত বৃদ্ধি পাইছে আৰু বাৰিষা নদীৰ সোঁতত উটি অহা খৰিৰ উজান ধৰিবলৈ সকলোকে পুৱাৰে পৰা সন্ধিয়ালৈকে ব্যস্ত হৈ পৰা দেখা গৈছে ।

নদীৰ পাৰত গোট খোৱা পুৰুষ-মহিলা সকলে নাও অথবা দীঘল বাঁহৰ হাঁকুটিৰে খৰি ধৰি পাৰলৈ উঠাই প্ৰত্যেকেই ঘৰলৈ নি ৰ’দত শুকুৱাই খৰালিলৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে,বছৰৰ প্ৰথমটো বানত এইবাৰ দেখা গৈছে নদীত উটি আহিছে বৃহৎ পৰিমাণৰ খৰি,কাঠ।পৰম্পৰাগতভাৱে নদীৰ ঢলত খৰি ‌ধৰাৰ এই জীৱন সংগ্ৰামৰ মাজত জীৱিকাৰ সন্ধান কৰা শালমৰাৰ কুমাৰ সকলৰ মুখত ফুটি উঠিছে প্ৰাপ্তিৰ হাঁহি। উল্লেখ্য যে,কৰ্মী মহিলা সকলে ভৰা লুইতত ধৰা খৰি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰাৰ লগতে প্ৰতিটো পৰিয়ালেই পেঘালিত জুই দি মাটিৰ পাত্ৰসমূহ পকাই মৃৎ শিল্পক জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে।সম্প্ৰতি গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত শালমৰাৰ ছশটা পৰিয়ালে বাৰম্বাৰ ভেঁটি সলনি কৰিব লগা হৈছে। তথাপিও ব্ৰহ্মপুত্ৰক আৰ্শীবাদ হিচাপে লৈ সংগ্ৰাম কৰি অহা শালমৰাবাসীৰ এয়া জীৱন কাহিনী।

Related Articles