Breaking

দেশৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল ধ্বংস হৈছে অসমত

0 44

ৰাজ্যত অবাধ বন ধ্বংসৰ বিৰুদ্ধে সৰৱ আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজা “শেহতীয়া ভাৱে দেশৰ আন প্ৰান্তৰ লগতে অসমতো অস্বাভাৱিক তাপমাত্ৰা বৃদ্ধি আৰু গ্ৰীষ্ম প্ৰৱাহৰ নেতিবাচক প্ৰভাৱ পৰিছে। এই সময়ছোৱাত হিটষ্ট্ৰোকত আক্ৰান্ত হৈ ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাইছে। গ্ৰীষ্ম প্ৰৱাহৰ লগতে তাপমাত্ৰা বৃদ্ধিয়ে এনে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে ৰাজ্যখনত আন্তঃগাঁথনি নিৰ্মানৰ নামত হকে বিহকে বনাঞ্চল ধ্বংস কৰা হৈছে । চৰকাৰে উৰণ সেতু নিৰ্মাণ অথবা ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ বাবে দিনে – নিশাই হাজাৰ হাজাৰ গছ কাটি পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰিছে। ” এই অভিযোগ আম আদমী পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ । বৃহস্পতিবাৰে গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে এই সন্দৰ্ভত বিষেদগাৰ প্ৰকাশ কৰি কয়, ” ইতিমধ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চমুকৈ এন জি টিয়ে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় তথা ভাৰতৰ জৰীপ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক দেশত অবাধে চলি থকা বনাঞ্চল ধ্বংস সম্পৰ্কে প্ৰশ্ন কৰিছে। উল্লেখ্য যে গ্ল’বেল ফৰেষ্ট ৱাট্চৰ তথ্য অনুসৰি ২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বনাঞ্চল ধ্বংসৰ ফলত ভাৰতে ২৩.৩ লাখ হেক্টৰ সেউজভূমি হেৰুৱাইছে। যাৰ পৰিমাণ হৈছে ভাৰতৰ মুঠ সেউজভূমিৰ ৬ শতাংশ।
একে সময়তে দেশৰ ৪.১৪ লাখ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল হেৰুৱাইছে। গুৰুত্বপূৰ্ণ কথা যে
২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ধ্বংস হোৱা বনাঞ্চলৰ ৬০% বনাঞ্চল ধ্বংস হৈছে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৫ খন ৰাজ্যত।


অতি পৰিতাপৰ বিষয় যে দেশৰ ভিতৰত সৰ্বাধিক বনাঞ্চল ধ্বংস কৰা হৈছে অসমত।” সংবাদমেলত আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই তথ্য সহকাৰে কয়, ” অসমত যোৱা ২২ বছৰত ৩ লাখ ২৪ হাজাৰ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে। চুবুৰীয়া মিজোৰামত ৩ লাখ ১২ হাজাৰ হেক্টৰ, অৰুণাচল প্ৰদেশত ২ লাখ ৬২ হাজাৰ হেক্টৰ, নাগালেণ্ডত ২ লাখ ৫৯ হাজাৰ হেক্টৰ আৰু মণিপুৰত ২ লাখ ৪০ হাজাৰ হেক্টৰ ভূমিত বনাঞ্চল ধ্বংস কৰা হৈছে । সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ুৰ ওপৰত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিছে।” আনহাতে অসমত বনাঞ্চল বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উদ্যোগত অমৃত বৃক্ষ আঁচনি সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি মত ব্যক্ত কৰে আপৰ নেত্ৰী গৰাকীয়ে। বিজেপি চৰকাৰে মাথোঁ চৰকাৰী পুঁজিৰ শৰাধ কৰি এক কোটি বৃক্ষ ৰোপণৰ নামত ভেল্কিবাজি কৰাৰ অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টিৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই। সংবাদমেলত দলৰ আন এগৰাকী মুখপাত্ৰ পুনম গগৈও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.