Breaking

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল

0 143


ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰৰ মাজমজীয়াত সৰুপথাৰ পৌৰসভাৰ অকমন্যতাৰ বাবে যমদূতৰূপে থকা এটা পুল দীৰ্ঘদিন ধৰি পথচাৰীৰ বাবে আতংকিত হৈ পৰিছিল ৷ দৈনন্দিন বাৰ্তা কাকতত ১৬ মে’ এটা বাতৰি প্ৰকাশ পাইছিল

বাতৰি প্ৰকাশ পোৱাৰ পিচতেই সৰুপথাৰ পৌৰসভাৰ গান্ধাৰীৰুপী পৌৰপতিক সৰ্বত্ৰে সমালোচনা কৰিছিল ৷ বাতৰি প্ৰকাশ হোৱাৰ পিচতে সৰুপথাৰ পৌৰসভা তৎপৰ হৈ লোক নিৰ্মান বিভাগক নিৰ্দেশ দিয়ে লোক নিৰ্মান বিভাগৰ বিষয়া উপস্হিত হৈ এস্কেভেটৰ সহায়ত বৃহস্পতিবাৰে সন্ধিয়া যমদুতৰুপী পুলটো উঠাই দিয়ে ৷

Leave A Reply

Your email address will not be published.