Breaking

দৰঙৰ জিলা আয়ুক্তৰ তৎপৰতা, তৃতীয় লিংগৰ সদস্যলৈ ভোটাৰ, আধাৰ, আত্মসহায়ক গোট গঠন, দক্ষতাৰ প্ৰশিক্ষণ

0 22

দৰঙৰ ২৮ গৰাকীকৈ তৃতীয় লিংগৰ সদস্যক আজি জিলা দুৰ্যোগ-প্ৰশমন বিভাগে এক বিশেষ প্ৰশিক্ষণ আগবঢ়ায়। সময়ে সময়ে অহা দুৰ্যোগ বিশেষকৈ বানপানী, ধুমুহা আদিৰ সময়ত কিদৰে নিজৰ লগতে আন দহজনকো উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰিব পাৰি এইলৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। মঙলদৈ ইউথ ক্লাৱত অনুস্হিত প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে সহ তৃতীয় লিংগ কল্যান সমিতিৰ উপাধ্যক্ষা ৰীতুপৰ্ণা, আয়ুক্ত গোপাল শৰ্মা, দুৰ্যোগ প্ৰশমনৰ জিলা বিষয়া জগদীশ ভট্টচাৰ্য, জিলা নিয়ন্ত্ৰক পীনামণি বৰুৱা, পলাশ বৰুৱা সহ কেবাগৰাকীও বিষয়াই এই বিশেষ প্ৰশিক্ষণত অংশ লয়।

তৃতীয় লিংগৰ নাগৰিক সকলক এনেদৰে দুৰ্যোগ প্ৰশমন বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা দৰঙেই হৈছে ৰাজ্যৰ প্ৰথম খন জিলা।প্ৰশিক্ষণ কাৰ্যসূচীত অংশলৈ দৰঙৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে সদৰি কৰা অনুসৰি, দৰঙৰ ২৮ গৰাকীকৈ তৃতীয় লিংগৰ নাগৰিকক ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউন্ট আনকি আত্মসহায়ক গোটো গঠন কৰি দক্ষতাৰ প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰা হৈছে। আগন্তুক দিনত দৰঙৰ তৃতীয় লিংগৰ সদস্য সকলে ভূমি পট্টা আৰু ৰেচন কাৰ্ডৰ লগতে অৰুণোদয়ৰ দৰে আঁচনিও লাভ কৰিব বুলি জিলা আয়ুক্ত গৰাকীয়ে সদৰি কৰে।

ৰেচন কাৰ্ড লাভ কৰাৰ লগে লগে আয়ুষ্মান কাৰ্ড সহ ৰাজহুৱা যোগান ব্যৱস্হাৰ সকলো সুবিধা লাভ কৰাটো নিশ্চিত। তৃতীয় লিংগৰ লোকসকলক দীৰ্ঘদিনে সমাজৰে অভিন্ন অংগ অথবা নাগৰিক হিচাবে গণ্য নকৰাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এগৰাকী আমোলাই দেখুওৱা এনে পদক্ষেপ প্ৰশংসনীয় বিবেচিত হৈছে।

Leave A Reply