Breaking

ধলাই উপ-নিৰ্বাচনত সাংসদ পুত্ৰ উৎপলকপ্ৰাৰ্থী বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত দাবীউত্থাপন

0 49

শিলচৰ লোকসভাৰ আসনত বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। বৰ্তমান তেওঁ শিলচৰৰ সাংসদ। তেওঁ সাংসদ নিৰ্বাচিত হোৱাৰ বাবে ধলাই বিধানসভা সমষ্টিত‌ উপ-নিৰ্বাচনত প্ৰাৰ্থীত্বৰ দৌৰ আৰম্ভ হৈছে। অৱশ্যে কাছাৰ জিলা‌ বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা নাই । কিন্তু অনুসূচিত জাতি সংৰক্ষিত ধলাই আসনত দলৰ প্ৰাৰ্থী হ’বলগীয়া কেইবাজনে জোৰদাৰ তৎপৰতা চলাইছে। বৰ্তমান নতুন প্ৰাৰ্থী হিচাপে সংযোজন হৈছে সাংসদ পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উৎপল শুক্লবৈদ্য। জানিব পৰা মতে, সাংসদ পৰিমল শুক্লবৈদ্যৰ সমৰ্থকসকলে ইতিমধ্যে তেওঁৰ সমৰ্থনত প্ৰচাৰ চলাইছে ।

উৎপল শুক্লবৈদ্য বৰ্তমান অসম বিশ্ববিদ্যালয়ৰ গণ বিজ্ঞান বিভাগৰ গৱেষণা সহায়ক আৰু পিএইচডিৰ ছাত্ৰ ।‌ উৎপল শুক্লবৈদ্য এজন উদীয়মান যুৱক আৰু তেওঁৰ ৰাজনৈতিক পৰিপক্কতা যথেষ্ট। কাৰণ তেওঁৰ পিতৃ পৰিমল শুক্লবৈদ্য বহু বছৰ ধৰি বিধায়ক-মন্ত্ৰী হৈ আহিছে। ইয়াৰ বাবে ক’ব পাৰি যে তেওঁ ৰাজনীতিৰ প্ৰতিও সচেতন হৈ পৰিছে। বিগত লোকসভা নিৰ্বাচনত উৎপল শুক্লবৈদ্যই ঘৰৰ আৰু বাহিৰৰ সকলো কাম-কাজ পিতৃৰ বাবে চম্ভালি লৈছিল।

শেহতীয়াকৈ সাংসদ পৰিমল শুক্লবৈদ্য দিল্লীৰ পৰা আইৰংমাৰাত থকা নিজ গৃহত উপস্থিত হোৱাৰ পাছৰে পৰা ধলাই বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে ধলাই উপ-নিৰ্বাচনক লৈ সক্ৰিয় হৈ পৰিছে। ধলাই উপ-নিৰ্বাচনত সাংসদ পুত্ৰ উৎপলক প্ৰাৰ্থী হিচাপে দাবী উত্থাপন কৰিছে। ধলাই বিজেপিৰ একাংশ নেতা-কৰ্মীৰ মতে উৎপল শুক্লবৈদ্যৰ উচ্চ শিক্ষা, ৰাজনৈতিক জ্ঞান আৰু সুদূৰপ্ৰসাৰী চিন্তাৰে বিধায়ক হ’ব পৰাকৈ সামাজিক চেতনা আছে। আৰু সাংসদ পৰিমল শুক্লবৈদ্যৰ পুত্ৰ হিচাপে তেওঁ ৰাজনৈতিক ভাৱে সচেতন । সেইবাবেই ধলাইবাসীয়ে উৎপল শুক্লবৈদ্যক বিচাৰিছে। ইয়াৰ উপৰিও ধলাই বিজেপিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ধলাই উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হিচাপে উৎপল শুক্লবৈদ্যক বিচাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিছে। অবশ্য ধলাই সমষ্টিৰ উপ-নিৰ্বাচনত অমিয় কান্তি দাস, সঞ্জন কুমাৰ পুৰকায়স্থ আদিয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে দাবী উত্থাপন কৰিছে ।

Leave A Reply