Breaking

ধিঙত গীত-মাত, কথা-কবিতাৰে প্ৰগতিৰ মইনাৰ কলাগুৰু আৰু শেৱালি কবিক স্মৰণ

0 20

নগাঁও জিলাৰ অতিকৈ পুৰণি ১৯৪৫ চনত স্থাপিত হোৱা ধিং আঠগাঁৱৰ প্ৰগতি পুথিভঁৰাল আৰু নাট্য সমিতিৰ শিশু অনুষ্ঠান প্ৰগতি মইনা পাৰিজাতৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস আৰু শেৱালি কবি ৰত্নকান্ত বৰকাকতিৰ জন্মজয়ন্তী উদযাপন কৰা হয়। গীত-মাত কথা-কবিতাৰে কলাগুৰু আৰু শেৱালি কবিজনাক স্মৰণ কৰা উক্ত অনুষ্ঠানটোত কণ কণ মইনাসকলে জীপাল কৰি তোলে ধিং আঠগাঁৱৰ প্ৰগতি পুথিভঁৰালৰ প্ৰেক্ষাগৃহ । পুৱা প্ৰগতি মইনা পাৰিজাতৰ সভানেত্ৰী ইৰা বৰাই আনুষ্ঠানিক ভাৱে অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ পাছতে কলাগুৰু আৰু শেৱালি কবিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে ধিং শতদল শাখা সাহিত্য সভাৰ সভাপতি মমতা নায়ক আৰু ধিং পৌৰসভাৰ প্ৰাক্তন পৌৰপতি প্ৰীতি ভড়ালীয়ে ।

সভানেত্ৰী ইৰা বৰাৰ সভাপতিত্বত তথা প্ৰগতি মইনা পাৰিজাতৰ সম্পাদিকা মল্লিকা শৰ্মাই আঁতধৰা মুকলি সভাত বিষ্ণু প্ৰসাদ ৰাভা আৰু শেৱালি কবি ৰত্নকান্ত কান্ত বৰকাকতিৰ জীৱন- দৰ্শন আৰু সাহিত্য কৰ্মৰাজিৰ ওপৰত বক্তৃতা প্ৰদান কৰে ধিং ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কৃষ্ণা হাজৰিকাই । প্ৰগতি পুথিভঁৰাল আৰু নাট্য সমিতিৰ উপদেষ্টা কুমাৰ হেমেন শইকীয়া, উপ-সভাপতি প্ৰসন্ন বৰা, ধিং শতদল শাখা সাহিত্য সভাৰ সম্পাদক মুকুল কলিতা উপস্থিত থকা উক্ত সভাত প্ৰগতি পুথিভঁৰাল আৰু নাট্য সমিতিৰ সম্পাদক তথা নগাঁও জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক মৃগাংক বৰাই প্ৰগতি পুথিভঁৰালৰ জন্ম ইতিহাস আৰু সাম্প্ৰতিক সময়ত যুৱ সমাজৰ মাজত গঢ়ি উঠা নেতিবাচক চিন্তাধাৰাৰ বিপৰীতে উঠি অহা মইনাসকলক সমাজৰ সঠিক পথ আৰু সামাজিক দায়িত্ববোধৰ লগতে শিশুসকলৰ মাজত লুকাই থকা সৃজনীমূলক কলা-কৌশলক পূৰ্ণাংগ ৰূপে বিকশিত কৰাৰ লক্ষ্যৰে প্ৰগতি মইনা গঠন কৰা হৈছে বুলি নিজৰ বক্তব্যত উল্লেখ কৰে । উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শতাধিক মইনাই অংশগ্ৰহণ কৰি কলাগুৰুৰ গীত পৰিৱেশন, কবিতা আবৃত্তি, নৃত্য প্ৰদৰ্শন, বক্তৃতা প্ৰদান কৰাৰ উপৰি শেৱালি কবি জনাৰ কবিতা আবৃত্তি আৰু কবিজনাৰ ওপৰত বক্তৃতা প্ৰদান কৰে মইনাসকলে । ইপিনে শিশুসকলক জড়িত কৰি অনুষ্ঠিত কৰা এনে ব্যতিক্ৰমী অনুষ্ঠানৰ বাবে ধিঙৰ বৌদ্ধিক মহলে ভূয়সী ‌প্ৰশংসা কৰিছে প্ৰগতি মইনা পাৰিজাতৰ উদ্যোক্তাসকলক ।

Leave A Reply