Breaking

ধিঙৰ নাৰকীয় ঘটনাক মন্ত্ৰী পীযুষ হাজৰীকাৰ তীব্ৰ গৰিহণা

0 28

‘নিৰ্দিষ্ট একাংশ মানুহে অসমীয়া মানুহক বাৰে বাৰে আক্ৰমণ কৰিছে, বিভিন্ন প্ৰক্ৰিয়াৰে নিৰ্যাতন চলাইছে’
আমি যিমান কঠোৰ হৈছো, ইয়াতকৈ আৰু কঠোৰ হ’ব লাগিব, চৰকাৰ এইক্ষেত্ৰত বহি নাথাকেঃ মন্ত্ৰী পীযুষ হাজৰীকা । ধিঙৰ নাৰকীয় ঘটনাক মন্ত্ৰী পীযুষ হাজৰীকাৰ তীব্ৰ গৰিহণা

ধিঙত সংঘটিত নাৰকীয় ঘটনাক মন্ত্ৰী পীযুষ হাজৰীকাই তীব্ৰ গৰিহণা দিছে। আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কালি সন্ধিয়া ধিঙত যিটো ঘটনা সংঘটিত হ’ল, সেইটো এটা বৰ্বৰচিত ঘটনা। মোৰ গৰিহণা দিয়াৰো ভাষা নাই। এগৰাকী কিশোৰীক কেইবাটাও পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰাৰ খবৰ আহিছে। এই ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো। তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি কৈও যিটো মোৰ অন্তৰৰ উষ্মা সেয়া প্ৰকাশ কৰিব পৰা নাই। এই ক্ষেত্ৰত ক’বলৈকে মই শব্দ বিচাৰি পোৱা নাই। এজনী কণমানিক কেইটামান পাষণ্ডই পিছে পিছে বিচাৰি গৈ যদি অত্যাচাৰ কৰিছে, আক্ৰমণ কৰিছে, ধৰ্ষণ কৰিছে- ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চয়কৈ হ’ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টুইটযোগে জনাইছে যে এই ঘটনাত জড়িত অপৰাধীক ৰেহাই দিয়া নহ’ব। তেওঁ পুনৰ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন এই জঘন্য ঘটনাৰ বিৰুদ্ধে যিমানখিনি কৰিব লাগে সকলোখিনি কৰিব। ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কোনোৱে বেয়া কাম কৰি সাৰি যাব নোৱাৰে। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি নিশ্চয়কৈ বিহা হ’ব।

ধিঙৰ ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে ৰাইজ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে এই ঘটনাবিলাকৰ বিৰুদ্ধে ৰাইজ ওলাই অহাটো স্বাভাৱিক। ৰাইজ ওলাই আহিবই।কাৰণ বাৰে বাৰে, য’তে ত’তে এনেধৰণৰ ঘটনাবিলাক নিৰ্দিষ্ট কিছুমান মানুহে সংঘটিত কৰি আহিছে, ৰাইজৰ অশান্তি হোৱাটো স্বাভাৱিক। ৰাইজ ক্ষোভত থকাটো স্বাভাৱিক। এই ঘটনাৰ পিছত মন্ত্ৰীগৰাকীয়ে যোৱা নিশাৰ পৰাই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক সকলোৰে লগত যোগাযোগত আছে বুলি প্ৰকাশ কৰে। তেওঁ পুনৰ কয় যে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী বুলিয়েই নহয় অভিভক্ত নগাঁও-মৰিগাঁও জিলাৰ এজন ব্যক্তি হিচাপে পুৱাৰে পৰা মই মুখ্যমন্ত্ৰীৰ লগতো কোবালানিও কথা পাতিছো। এই ঘটনাত মানুহৰ ক্ষোভ হোৱাটো স্বাভাৱিক, এনেকুৱা বেয়া ঘটনা অসমত যদি হৈ থাকে অসমৰ অৱস্থা কি হ’ব, অসম কোন দিশে গৈ আছে, এয়া আমাৰ কাৰণে অলপ চিন্তা কৰিবলগীয়া কথা। মন্ত্ৰীগৰাকীয়ে কয় যে দোষীয়ে কোনোপধ্যে সাৰি যাব নোৱাৰে, চৰকাৰে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবই। নিৰ্দিষ্ট একাংশ মানুহে অসমীয়া মানুহক বাৰে বাৰে আক্ৰমণ কৰিছে, সন্ত্ৰাসিত কৰিছে, বিভিন্ন প্ৰক্ৰিয়াৰে নিৰ্যাতন চলাইছে। আমি যিমান কঠোৰ হৈছো, ইয়াতকৈ আৰু নিশ্চয়কৈ কঠোৰ হ’ব লাগিব, চৰকাৰ এইক্ষেত্ৰত বহি নাথাকে বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে

Leave A Reply

Your email address will not be published.