Breaking

ধুবুৰীত জিলা নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

0 20

দৈনন্দিন বাৰ্তাৰ সেৱা, ধুবুৰী, ২১ আগষ্ট : আজি ধুবুৰী জিলা নাগৰিক মঞ্চই ধুবুৰী চহৰত থকা শিখ মন্দিৰৰ সমীপত অৱস্থান ধৰ্মঘটেৰে এক প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দ্বাবী বাংলাদেশত থকা হিন্দু সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু কলকাতা আৰ জি কৰ মেডিকেল কলেজত সংঘটিত চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰা।


ধুবুৰী জিলা নাগৰিক মঞ্চৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে সাংবাদিকৰ আগত কয় যে আজিৰ অৱস্থান ঘৰ্মঘট মূলতঃ সম্প্ৰতি বাংলাদেশৰ যি ভয়াৱহ অৱস্থা তাত হিন্দু ধৰ্মাৱলম্বী লোক সকল অসুৰক্ষিত তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণে হাৰাশাস্তি তথা অত্যাচাৰ চলি আছে।তেওঁলোকৰ ওপৰত চলা অন্যায় অত্যাচাৰ সমূহ বন্ধ কৰাৰ লগতে তেওঁলোকৰ সুৰক্ষিত প্ৰদান আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ কলকাতা আৰ,জি,কৰ মেডিকেল কলেজত সংঘটিত এগৰাকী চিকিৎসকক প্ৰথমে ধৰ্ষণ তাৰ পাছত নৃশংস ভাৱে হত্যা কাণ্ডৰ ঘটনাত জৰিত সকলো অভিযুক্তক অতি সোনকালে কৰায়ত্ত কৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগে। চিকিৎসক সকলক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰে অধিক তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

লগতে কয় যে আজি ধুবুৰী জিলা নাগৰিক মঞ্চৰ তৰফৰ পৰা ধুবুৰী জিলাৰ বিভিন্ন জ্বলন্ত সমস্যা সমূ্হৰ বিষয়ে উল্লেখ কৰি উক্ত সমস্যা সমূহ সমাধান কৰাৰ বাবে ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন ১৬ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.